শতমূল হৈছে স্বাস্থ্যৰ পক্ষে এবিধ লাভদায়ক আয়ুৰ্বেদিক ঔষধ যিয়ে পুৰুষ আৰু মহিলা দুয়োৰে উপকাৰিতা সাধন কৰে । বিশেষজ্ঞসকলৰ মতে, ইয়াৰ নিয়মীয়া সেৱনে স্বাস্থ্যৰ বাবে বহু দিশত উপকাৰ সাধন কৰিব পাৰে, কিন্তু ইয়াৰ সেৱনৰ লগত জড়িত সাৱধানতা আৰু অন্যান্য গুৰুত্বপূৰ্ণ কথাবোৰ মনত ৰখাটো অতি প্ৰয়োজনীয় । সবিশেষ জানো আহক-
শতমূল ব্যৱহাৰ কৰি বিভিন্ন শাৰীৰিক আৰু মানসিক উপকাৰ লাভ কৰিব পাৰি ৷ ই শৰীৰৰ হৰম’ন স্বাস্থ্য সুষম কৰি ৰখাত উপকাৰী আৰু ইয়াৰ এন্টিঅক্সিডেন্ট গুণে শৰীৰক ক্ষতিকাৰক উপাদানৰ পৰা ৰক্ষা কৰে ৷ বিশেষকৈ মহিলাৰ বাবে শতমূল সেৱন উপকাৰী কাৰণ ই হৰম’নৰ ভাৰসাম্য ৰক্ষা কৰাত সহায় কৰে ৷ ইয়াৰ উপৰিও ই পুৰুষৰ বাবেও উপকাৰী আৰু তেওঁলোকৰ প্ৰজনন স্বাস্থ্যৰ উন্নতিত সহায় কৰে ৷শতাৱৰীয়ে পুৰুষ আৰু মহিলা উভয়ৰে প্ৰজনন স্বাস্থ্য উন্নত কৰে ৷ ই মহিলাৰ ডিম্বৰ মান উন্নত কৰে আৰু পুৰুষৰ শুক্ৰাণুৰ সংখ্যা আৰু গতিশীলতা বৃদ্ধি কৰে ৷
ইয়াৰ সেৱনে শৰীৰৰ ৰোগ প্ৰতিৰোধ ক্ষমতা বৃদ্ধি হোৱাত সহায় কৰে ৷ দৰাচলতে শতমূলত পোৱা এন্টিঅক্সিডেন্ট আৰু অন্যান্য পুষ্টিকৰ উপাদান আৰু ঔষধি গুণে ই শৰীৰৰ ৰোগ প্ৰতিৰোধ ক্ষমতা শক্তিশালী কৰে, যাৰ ফলত শৰীৰে বিভিন্ন ৰোগৰ বিৰুদ্ধে যুঁজিবলৈ শক্তি প্ৰদান কৰে ৷
শতমূল পাচনতন্ত্ৰৰ বাবে অতি উপকাৰী ৷ ইয়াত থকা আঁহে পাচনতন্ত্ৰ উন্নত কৰে আৰু কোষ্ঠকাঠিন্যৰ দৰে সমস্যাৰ পৰা সকাহ দিয়াত সহায় কৰে ৷
