স্বাস্থ্য আৰু সুস্থতা সন্মিলন অনুষ্ঠিত

164

এন ই ফ’কাচৰ উদ্যোগত নেডফিৰ প্ৰেক্ষাগৃহত অনুষ্ঠিত স্বাস্থ্য আৰু সুস্থতা সন্মিলন অনুষ্ঠিত হয়। অনুষ্ঠানত বহুকেইটা বিষয়ক লৈ আলোচনা চক্র অনুষ্ঠিত হয়।

আনহাতে সন্মিলনখনত গেষ্টলজি সম্পর্কে মন্তব্য ৰাখে গেষ্টচিটিৰ চবিৰ উদ্দিন আহমেদে। সন্মিলনত তেজপুৰ বিশ্ববিদ্যালয়ৰ ভাষাতত্ব আৰু প ভাষা প্ৰযুক্তি বিভাগৰ সহকাৰী অধ্যাপক ড০ অৰূপ কুমাৰ নাথেও সাম্প্ৰতিক সময়ৰ স্বাস্থ্য সজাগতা সম্পৰ্কে বক্তব্য আগবঢ়ায়।

সন্মিলনখনত খনৰ লগত সংগতি ৰাখি এখন প্ৰদৰ্শনী অনুষ্ঠিত হয়। স্বাস্থ্য আৰু সুস্থতা সন্মিলনখন সফলতা সম্পন্ন কৰাত সহযোগ কৰে অসম চৰকাৰৰ খাদ্য সুৰক্ষা বিভাগ, ৰাষ্ট্ৰীয় স্বাস্থ্য মিচন, অসম এইচ কন্টোল চচাইটি,আয়ুষ মিচন অসম আৰু জনসংযোগে।

আমাৰ অসমৰ জ্যেষ্ঠ সাংবাদিক মন্টু শইকীয়া, জ্যেষ্ঠ সাংবাদিক ৰূপম বৰুৱাইও অনুষ্ঠানত চমু বক্তব্য আগবঢ়ায় । প্ৰায় শতাধিক লোকে অংশগ্রহণ কৰা সন্মিলনখনত স্বাস্থ্য বিভাগৰ লগতে সংবাদ সেৱা বিভাগৰ বহুকেইজন উপস্থিত থাকে।