বহুতে পালেং শাক খাই ভাল পায়। শীতকালত বজাৰ পালেং শাকেৰে ভৰি পৰে। কিন্তু আপুনি জানেনে পালেঙৰ বিভিন্ন উপকাৰী গুণ আছে। যদি আপুনি পালেং শাক খাই তেন্তে ইয়াৰ পৰা বিভিন্ন লাভ পাব পাৰে।পালেং শাক পুষ্টিৰে ভৰপূৰ, যিয়ে চকুৰ স্বাস্থ্য ভাল কৰে, উচ্চ ৰক্তচাপ নিয়ন্ত্ৰণ কৰে, হজম শক্তি বঢ়ায়, পেশী শক্তিশালী কৰে আৰু আয়ৰণ যোগান ধৰে। ই ভিটামিন A, C, K, ফলিক এচিড, আয়ৰণ, কেলচিয়াম, ফাইবাৰ আদিৰে সমৃদ্ধ, যিয়ে ৰক্ত সঞ্চালন উন্নত কৰে আৰু কিছুমান ৰোগ প্ৰতিৰোধ কৰাত সহায় কৰে, কিন্তু কিডনিৰ পাথৰৰ সমস্যা থকা লোকে ইয়াৰ অক্সালেটৰ বাবে সাৱধান হ’ব লাগে।
পালেং শাকৰ উপকাৰ——–চকুৰ স্বাস্থ্য: ইয়াত থকা ভিটামিন A-য়ে চকুৰ দৃষ্টিশক্তি উন্নত কৰে।
ৰক্তচাপ নিয়ন্ত্ৰণ: উচ্চ ৰক্তচাপ থকা লোকৰ বাবে ই উপকাৰী, ৰক্ত সঞ্চালন সহায় কৰে।
হজম শক্তি: ফাইবাৰেৰে সমৃদ্ধ হোৱাৰ বাবে কোষ্ঠকাঠিন্য, গেছ আৰু বদহজম দূৰ কৰে।
পেশী শক্তিশালী কৰে: পেশী শক্তিশালী কৰিবলৈ সহায় কৰে।
আয়ৰণ যোগান: আয়ৰণৰ যোগান ধৰি শৰীৰৰ পুষ্টি বঢ়ায়।
গৰ্ভৱতী মহিলাৰ বাবে: ফলিক এচিড থকা বাবে গৰ্ভপাতৰ সম্ভাৱনা কমায়।
