বৰ্তমান সময়ত বহুলোক ফেটি লিভাৰৰ সমস্যাত আক্ৰান্ত হোৱা দেখা যায় । মূলতঃ খাদ্যাভ্যাসৰ পৰা আৰম্ভ কৰি জীৱনশৈলীৰ ধাৰণা আদিৰ বাবে এই ৰোগ হোৱা পৰিলক্ষিত হয় । বৰ্তমান মানুহৰ মাজত আধুনিক জীৱনশৈলীৰ বাবে যিবোৰ সমস্যাই গা কৰি উঠিছে, সেইবোৰৰ ভিতৰত অন্যতম হৈছে ফেটি লিভাৰ । কিছুবছৰ পূৰ্বে এই ৰোগ সম্পৰ্কে মানুহৰ মাজত বিশেষ ধাৰণা নাছিল । কিন্তু বৰ্তমান সময়ত বয়স্ক লোকৰ পৰা আৰম্ভ কৰি কম বয়সৰ ল’ৰা-ছোৱালীৰ মাজতো এই সমস্যা বাৰুকৈয়ে পৰিলক্ষিত হয় ।এইমছ দিল্লীৰ গৱেষণাৰ মতে সাধাৰণতে মদ্যপান কৰা লোকৰ ক্ষেত্ৰত ফেটি লিভাৰ দেখা যায় যদিও আজিকালি মদ্যপান নকৰা লোকৰ ক্ষেত্ৰতো ই দ্ৰুতগতিত বৃদ্ধি পাইছে, যাক নন-এলকহলিক ফেটি লিভাৰ ডিজিজ (NAFLD) বুলি কোৱা হয়। ইয়াৰ প্ৰধান কাৰণ হ’ল অস্বাস্থ্যকৰ খাদ্যাভ্যাস, মেদবহুলতা আৰু শাৰীৰিক পৰিশ্ৰমৰ অভাৱ। দীৰ্ঘদিন ধৰি ফেটি লিভাৰ হ’লে যকৃতত প্ৰদাহ আৰু অধিক গুৰুতৰ ৰোগ যেনে চিৰ’ছিছ বা যকৃত বিকল হোৱাৰ সম্ভাৱনা বৃদ্ধি পাব পাৰে।সুৰাপান নকৰাৰ পিছতো বহুলোক আক্ৰান্ত হৈছে চৰ্বিযুক্ত যকৃতৰ সমস্যাত ইয়াৰ কাৰণ কি কি জানো আহক-ফেটি লিভাৰৰ ক্ষেত্ৰত বেয়া খাদ্যাভ্যাসেই আটাইতকৈ ডাঙৰ কাৰণ। ভজা খাদ্য আৰু উচ্চ কেলৰিযুক্ত খাদ্যই যকৃতত চৰ্বি বৃদ্ধি কৰে। উচ্চ ফ্ৰুক্ট’জযুক্ত কৰ্ণ চিৰাপযুক্ত পানীয় আৰু ফাষ্ট ফুডে যকৃতত চৰ্বি জমা হোৱাত ত্বৰান্বিত কৰে। দীৰ্ঘদিন ধৰি এনে খাদ্য সেৱন কৰিলে যকৃতৰ প্ৰাকৃতিক বিষমুক্ত প্ৰক্ৰিয়া দুৰ্বল হৈ পৰে।শাৰীৰিক কাৰ্য্যকলাপৰ অভাৱৰ বাবে শৰীৰত থকা কেলৰি চৰ্বিলৈ ৰূপান্তৰিত হৈ যকৃতত জমা হৈ পৰে। বহি বহি দীঘলীয়া সময় কাম কৰা, ব্যায়াম নকৰা আৰু টোপনিৰ অভাৱে এই বিপদ বৃদ্ধি কৰে। মানসিক চাপৰ সময়ত বৃদ্ধি পোৱা কৰ্টিছল হৰম’নে বিপাকীয় ক্ৰিয়াত প্ৰভাৱ পেলায় আৰু যকৃতত চৰ্বি জমা হোৱাৰ প্ৰক্ৰিয়া আৰু অধিক ত্বৰান্বিত কৰে
