এটা সময় আছিল, যেতিয়া মানুহৰ মাজত তেনেই কমকৈ চেণ্ডেলৰ ব্যৱহাৰ দেখা পোৱা গৈছিল । প্ৰায় খালী ভৰিৰেই চলা-ফুৰা কৰিছিল আগৰ সময়ৰ লোকসকলে । খুব কমেইহে ব্যৱহাৰ কৰিছিল চেণ্ডেল বা জোতা । কিন্তু সময়ৰ গতিৰ লগে লগে অত্যাধুনিক জীৱন প্ৰণালীৰ সৈতে সংপৃক্ত হৈ পৰিল সাম্প্ৰতিক সময়ৰ লোকসকল । কিন্তু আপুনি জানেনে যে ইয়াৰ উপকাৰিতা কিমান ? বহু লোকে পুৱা ঘাঁহনিত খালী ভৰিৰে খোজ কাঢ়ি ভাল পায়। পুৱা সোনকালে ঘাঁহত খালী ভৰিৰে খোজ কাঢ়িলে শৰীৰৰ বাবে অতিকৈ উপকাৰী হ’ব পাৰে বুলি বিশ্বাস কৰা হয়। চিকিৎসকৰ মতে, ঘাঁহৰ ওপৰত খালী ভৰিৰে খোজ কঢ়াক আৰ্থিং বা গ্ৰাউণ্ডিং বোলা হয়। বহু গৱেষণাত দেখা গৈছে যে এইটো স্বাস্থ্যৰ বাবে উপকাৰী। বিশেষজ্ঞৰ মতে, প্ৰতিদিনে পুৱা ১০ৰ পৰা পৰা ৩০ মিনিট সময় খোজ কাঢ়িব লাগে। ঠাইখিনি পৰিষ্কাৰ আৰু ঘাঁহ ভাল হ’লে কেইমিনিটমান খালী ভৰিৰে খোজ কাঢ়িব ফিট হৈ থাকিবলৈ বহু লোকে সাধাৰণতে খোজ কঢ়া আৰু জগিঙৰ সহায় লয়। কিন্তু আপুনি জানে খালী ভৰিৰে খোজ কঢ়াটোও স্বাস্থ্যৰ বাবে কিমান উপকাৰী ? এইটো এটা অতি সহজ আৰু বিনামূলীয়া উপায় স্বাস্থ্য উন্নত কৰাৰ বাবে। প্ৰতিদিনে খালী ভৰিৰে খোজ কঢ়াক ইংৰাজীত barefoot Walking বুলি কোৱা হয়। ডায়েবেটিছ ৰোগীক ঘাঁহৰ ওপৰত খালী ভৰিৰে খোজ কাঢ়িবলৈ পৰামৰ্শ দিয়া হয়।
ঘাঁহনিত খালী ভৰিৰে খোজ কাঢ়িলে স্নায়ুৰ ওপৰত চাপ পৰে, যাৰ ফলত অংগৰ কাৰ্যক্ষমতা উন্নত হ’ব পাৰে। ঘাঁহনিত খালী ভৰিৰে খোজ কাঢ়িলে মানসিক চাপ আৰু উদ্বেগ হ্ৰাস পাব পাৰে। আৰু ইয়াৰ ফলত শাৰীৰিক স্বাস্থ্যৰ লগতে মানসিক স্বাস্থ্যও উন্নত হয়।
খালী ভৰিৰে খোজ কাঢ়িলে ভৰিৰ লিগামেণ্ট অৰ্থাৎ শিৰা আৰু পেশী শক্তিশালী হয় ৷ খালী ভৰিৰে খোজ কঢ়া কাৰ্যই শৰীৰৰ ভাৰসাম্য ৰক্ষা কৰাত সহায় কৰে ৷ মাটিত খালী ভৰিৰে খোজ কাঢ়িলে সংবেদনশীল স্নায়ু সক্ৰিয় কৰাত সহায়ক হয় আৰু শৰীৰৰ সচেতনতা বৃদ্ধি কৰে ৷
খালী ভৰিৰে খোজ কাঢ়িলে শৰীৰেটো পৃথিৱীৰ সংস্পৰ্শলৈ আহে, তেতিয়া ইয়াৰ পৰা নিৰ্গত শক্তি (প্ৰাকৃতিক ইলেক্ট্ৰন) মেলাটনিন (টোপনি নিয়ন্ত্ৰণ কৰা হৰম’ন) আৰু চেৰ’টনিন (মূড ষ্টেবিলাইজিং হৰম’ন)ৰ মাজত ভাৰসাম্য ৰক্ষা কৰি থাকে। প্ৰতিদিনে ৩০ মিনিট খালী ভৰিৰে খোজ কাঢ়িলে মনটো শান্ত হৈ থাকে, যাৰ ফলত টোপনিৰ মান উন্নত হয় আৰু লগতে মুডো ভাল হয়।খালী ভৰিৰে খোজ কঢ়াৰ ফলত ভৰিৰ শিৰাত সুস্থ চাপ পৰে, যাৰ ফলত ৰক্ত সঞ্চালনো উন্নত হয় ৷ ইয়াৰ লগে লগে আপুনি ভৰিৰ পেশীৰ ক্ৰেম্প আৰু বিষৰ পৰা সুৰক্ষিত হৈ থাকে ৷ তদুপৰি এই কাৰ্য হৃদযন্ত্ৰৰ লগতে সমগ্ৰ শৰীৰৰ বাবেও উপকাৰী ৷
এনে ধৰণৰ উপকাৰৰ প্ৰতি লক্ষ্য ৰাখি খালী ভৰিৰে খোজ কঢ়াৰ অভ্যাস কৰা উচিত ৷ সেয়ে প্ৰথমে ঘৰতে সাধাৰণভাৱে খালী ভৰিৰে খোজ কাঢ়িবলৈ আৰম্ভ কৰিব পাৰি ৷ ইয়াৰ পিচত উদ্যান আদিৰ কোমল ঘাঁহনি বা মাটিত খোজ কঢ়াৰ অভ্যাস গঢ়ি তোলক ৷জোতা পিন্ধিলে আমাৰ ভৰি দুখন সদায় একেদৰেই লৰচৰ কৰে, কিন্তু খালী ভৰিৰে খোজ কাঢ়িলে ভৰিৰ পেশী, লিগামেণ্ট আৰু ভৰিৰ গোৰোহাৰ গতি উন্নত হয়। ইয়াৰ ফলত শৰীৰৰ নমনীয়তা বৃদ্ধি পায় আৰু গাঁঠিৰ বিষ, জঠৰতা আৰু পেশীৰ টান হোৱাৰ পৰা সকাহ পায়।
