গৰমত ঘামচিৰ পৰা পৰিত্ৰাণৰ ঘৰুৱা দিহা

696

গ্ৰীষ্মকালত দেহৰ ছাল খনে গৰম সহিব নোৱাৰাৰ ফলত ছালত ওলোৱা গুটি সদৃশ অৰ্থাৎ ঘামচিবোৰে কেতিয়াবা খজুৱতি আৰু জ্বলা পোৰা কৰে। যদিহে আপুনি এই ঘামচিৰ সমস্যাত ভুগিছে তেনেহলে পৰিত্ৰাণৰ বাবে ব্যৱহাৰ কৰক আমাৰ এই ঘৰুৱা দিহা।গৰমৰ দিনত গা আৰু মুৰত তেল ঘহা পৰিহাৰ কৰক। ফলত ঘামচি কমকৈ হব আৰু গৰমো কম লাগিব।আপোনাৰ ফ্ৰীজত উপলব্ধ বৰফৰ টুকুৰা লৈ ঘামচি হোৱা ঠাইবোৰত প্ৰতিদিনে এবাৰ হ’লেও ঘহক এসপ্তাহৰ ভিতৰত কমিব ঘামচি।এলোভেৰা পাতৰ ৰস উলিয়াই লওক নাইবা কিনিবলৈ পোৱা এলিও ভেৰা জেল ঘামচি হোৱা ঠাইত পাতলকৈ সদায় গা ধোৱাৰ পিছত লগাওক কেইদিনমানৰ ভিতৰতে আতৰিব ঘামচি।

পৰিষ্কাৰকৈ গা ধুই গোটেই শৰীৰত আপোনাৰ ঘৰত থকা যিকোনো ডাষ্টিং পাউদাৰ ভালকৈ ঘহিব দেহৰ ছালখন ঠাণ্ডা পৰি থাকিব আৰু ঘামচি কমকৈ হব।দুটি কৰ্পুৰ গূটী ভালদৰে গুৰি কৰি এলিও ভেৰা জেল তিনি চামুচত মিহলাই পাতলকৈ ঘামচি বোৰত গা ধোৱাৰ দুঘণ্টা আগত ঘহি গা ধুই দিয়ক এসপ্তাহৰ ভিতৰত লাভ পাব।গা ধোৱাৰ আধাঘণ্টা আগত মূলতানী মাটি পানীৰে তিয়াই লৈ ঘামচি হোৱা ঠাইত লেপন দিয়ক আৰু শুকাই গলে গা ধুই দিয়ক। এসপ্তাহৰ ভিতৰত কমিব ঘামচি।চন্দনৰ গুৰিৰো আছে ভাল ফলাফল। বজাৰত উপলব্ধ চন্দনৰ গুৰি পানীৰে পেষ্ট প্ৰস্তুত কৰি ভালকৈ ঘামচি হোৱা ঠাইত ঘহি দিয়ক আৰু শুকাই উঠিলে ভালদৰে ধুই দিয়ক আৰু এনেদৰে কৰিলে কিছুদিনৰ ভিতৰতে সুফল পাব।