এইচডিএফচি বেংকে পেটিএমৰ সৈতে অংশীদাৰীত্ব কৰি মুকলি কৰিলে কো-ব্ৰেণ্ডেড ক্ৰেডিট কাৰ্ড

95

ভাৰতৰ গ্ৰাহক আৰু ব্যৱসায়ীসকল(১)ৰ বাবে আগশাৰীৰ ডিজিটেল ইকো’চিষ্টেম গঢ়ি তোলা এইচডিএফচি বেংক আৰু পেটিএমে আজি ভিছাৰ দ্বাৰা পৰিচালিত ক্ৰেডিট কাৰ্ডৰ এক বিস্তৃত পৰিসৰ মুকলি কৰাৰ ঘোষণা কৰিছে। এই ধৰণৰ মিত্ৰ অংশীদাৰীত্বৰ লক্ষ্য হৈছে ব্যৱসায়ৰ গৰাকী আৰু ব্যৱসায়ীসকলক এক বিস্তৃত পৰিসৰৰ সুবিধা প্ৰদান কৰা। এই নতুন ক্ৰেডিট কাৰ্ডবোৰে খুচুৰা গ্ৰাহকৰ পৃথক প্ৰয়োজনীয়তা পূৰণ কৰাৰ বাবে অনুকূল হ’ব আৰু গ্ৰাহকক সৰ্বশ্ৰেষ্ঠ শ্ৰেণী পুৰস্কাৰ আৰু কেছবেক প্ৰদান কৰিব। আগবঢ়োৱা এই নতুন কাৰ্ডে ক্ষুদ্ৰ ব্যৱসায়ৰ মালিকসকলকো সুবিধা প্ৰদান কৰিব।

২০২১ৰ অক্টোবৰত উৎসৱৰ বতৰৰ লগত সংগতি ৰাখি সম্ভাৱ্য দূৰত্বত আগুৱাই লৈ যোৱাৰ বাবে মুকলিৰ পৰিকল্পনা কৰা হৈছে ক্ৰেডিট কাৰ্ড অফাৰ, ইএমআই আৰু বাই নাও পে লেটাৰ বিকল্প। এই সমূহ উপভোক্তা চাহিদা, সম্পূৰ্ণ চুইটৰ সৈতে ২০২১ৰ ডিচেম্বৰৰ শেষৰ ফালে সামগ্ৰীসমূহ আগবঢ়োৱা হ’ব। ৫.১ কোটিৰো অধিক ক্ৰেডিট কাৰ্ড, ডেবিট কাৰ্ড আৰু প্ৰিপেইড কাৰ্ড আৰু ২ নিযুতৰো অধিক ব্যৱসায়ী আৰু তেওঁলোকে খৰছ কৰা প্ৰতিটো বজাৰ খণ্ডৰ প্ৰতি তৃতীয় টকাটো ব্যয় হৈ আহিছে ভাৰতীয় কাৰ্ডৰ এইচডিএফচি বেংকৰ কাৰ্ডত। এইচডিএফচি বেংক ভাৰতৰ ক্ৰেডিট কাৰ্ড জাৰীকৰ্তাত শীৰ্ষস্থানত আছে আৰু পেটিএমৰ ডিজিটেল দক্ষতা আৰু উপভোক্তাৰ উপলব্ধতাৰ সংখ্যা ৩৩০ নিযুতৰো অধীক।

তেওঁলোকে কেছবেক আৰু লাভালাভ প্ৰদান কৰি এক সম্পূৰ্ণ পৰিসৰৰ উপভোক্তা ক্ৰেডিট কাৰ্ড মুকলি কৰিব,য’ত সংযুক্ত থাকিব ডিজিটেল-প্ৰথম মিলেনীলছ (millennials)ক লক্ষ্য কৰা ম’বাইল ক্ৰেডিট কাৰ্ড।ব্যৱহাৰকাৰীসকলে ডিজিটেলৰ জৰিয়তে আবেদন কৰিব পাৰিব আৰু কাগজবিহীন প্ৰক্ৰিয়া আৰু পেটিএম এপ’ৰ জৰিয়তে অন-বৰ্ডিং প্ৰক্ৰিয়া সম্পূৰ্ণৰূপে সম্পূৰ্ণ কৰিব পাৰিব।

(১) উৎস: ২০২১ৰ ১৫ জুলাই তাৰিখে “ভাৰতত পৰিশোধ আৰু বিত্তীয় সেৱাৰ ডিজিটেল ৰূপান্তৰ” শীৰ্ষক ৰেডচিৰ মেনেজমেণ্ট কনচাল্টিং প্ৰাইভেট লিমিটেডৰ দ্বাৰা প্ৰস্তুত কৰা
প্ৰতিবেদন।
(২) ৩১ মাৰ্চ, ২০২১ লৈকে।