ভাৰতৰ আগশাৰীৰ ব্যক্তিগত খণ্ডৰ সাধাৰণ বীমা প্ৰতিষ্ঠান এইচডিএফচি এৰ্গ’ জেনেৰেল ইঞ্চুৰেঞ্চ কোম্পানীক ৰবি শস্যৰ ২০২৩ বৰ্ষৰ বাবে কাছাৰ, লখিমপুৰ, ওদালগুৰি আৰু তিনিচুকীয়া জিলাত ঋণ গ্ৰহণকাৰী আৰু অ-ঋণপ্ৰাপ্ত কৃষকসকলৰ বাবে প্ৰধানমন্ত্ৰী ফচল বীমা যোজনা (পিএমএফবিৱাই) কাৰ্যকৰী কৰাৰ বাবে অসম চৰকাৰে কৰ্তৃত্ব প্ৰদান কৰিছে।
পিএমএফবিৱাই আঁচনিখনে বিভিন্ন বাহ্যিক বিপদ যেনে ঘূৰ্ণীবতাহ(চাইক্লন), শিলাবৃষ্টি, বানপানী, ধুমুহা-বৰষুণ, আবতৰীয়া বৃষ্টি, ডাৱৰ বৰষুণ আৰু প্ৰাকৃতিক জুইৰ দৰে বিপদাশংকাৰ বাবে কৃষকসকলক শস্য উৎপাদনৰ লোকচানৰ পৰা সুৰক্ষিত কৰে।। ৰাজ্য চৰকাৰে উৎপাদন অব্যাহত আৰু লোকচানৰ ৰোধৰ বাবে এখন আঁচনিৰ অধীনত অঞ্চলসমূহৰ অধিসূচিত শস্যৰ ওপৰত ক্ৰপ কাটিং এক্সপেৰিমেণ্ট(চিচিই) চলোৱাৰ পৰিকল্পনা কৰিছে। যদিহে পথাৰত উৎপাদন কম হয়, তেন্তে কৃষকসকলৰ উৎপাদন হ্ৰাস হোৱা বুলি গণ্য কৰা হ’ব, তেওঁলোকক পৰিশোধ কৰিব লগা ধনৰ পৰিমাণ তথ্যৰ সৈতে ক্লেইম বা দাবী জনাব লাগিব।
ৰাজ্যৰ কৃষি বিভাগে অনুমোদন জনোৱা পিএমএফবিৱাই আঁচনিখনে শস্য চক্ৰ(ক্ৰপ চাইকেল)ৰ সকলো পৰ্যায়ৰ বাবে প্ৰদান কৰে বীমা কভাৰেজ, য’ত বীজ সিঁচাৰ পূৰ্বৰ প্ৰাক-ৰোপণ, শস্য চপোৱা আৰু শস্য চপোৱাৰ পিছৰ বিপদসমূহো অন্তৰ্ভুক্ত হৈ থাকে। অসমৰ কাছাৰ, লখিমপুৰ, ওদালগুৰি আৰু তিনিচুকীয়া জিলাৰ কৃষকসকলে নিজৰ বেংক, কমন চাৰ্ভিচ চেণ্টাৰ(সামুহিক সেৱা কেন্দ্ৰ) বা অনুমোদিত এইচডিএফচি এৰগ’ এজেণ্টৰ সৈতে যোগাযোগ কৰি শস্যৰ বাবে পিএমএফবিৱাই আঁচনিৰ অধীনত ইঞ্চুৰেন্স কভাৰ(বীমাৰ সুবিধা) লাভ কৰিব পাৰে। এই বীমাৰ বৈধতা বা সময়সীমাৰ সবিশেষ কৃষি বিভাগৰ ৱেবছাইটত উপলব্ধ হ’ব আৰু কৃষকসকলেও ফাৰ্মাৰ্ছ এপৰ জৰিয়তে আঁচনিখনত নিজেও নামভৰ্তি(চেল্ফ এনৰোল) কৰিব পাৰিব।