এইচডিএফচি বেংকে স্মাৰ্টআপ গ্ৰাণ্টৰ পঞ্চম সংস্কৰণৰ বাবে আজিৰে পৰা আবেদনৰ দুৱাৰ মুকলি কৰিছে।কৰ্পোৰেট সামাজিক দায়বদ্ধতাৰ এক অংশৰূপে এইচডিএফচি বেংকে এই বাৰ্ষিকী কাৰ্যসূচীত সামাজিক ষ্টাৰ্ট-আপ আৰু ইনকিউবেটৰৰ #Parivartan অধীনত পুঁজি যোগান ধৰি আহিছে। চলিত বৰ্ষত এই বেংকে স্মাৰ্টআপ গ্ৰাণ্টৰ বাবে ১৫ কোটি টকালৈকে আৱণ্টন কৰিছে। ইয়াৰ বাবে বেংকে ১২-১৫টা ইনকিউবেটৰ আৰু পৰিৱেশ, স্বাস্থ্যসেৱা, লিংগ আৰু বৈচিত্ৰ্য খণ্ডত কাম কৰা প্ৰায় ৫০টা ষ্টাৰ্ট-আপ বাছনি কৰিব। আৱেদন দাখিল কৰাৰ সময়সীমা হৈছে ২০২১ৰ নৱেম্বৰৰ তৃতীয় সপ্তাহ আৰু বিজয়ীসকলৰ নাম ২০২২ৰ ফেব্ৰুৱাৰীত ঘোষণা কৰিব। এতিয়ালৈকে বেংকে ২২ টা ইনকিউবেটৰ অংশীদাৰৰ জৰিয়তে ২০ কোটি টকা ৯০ টা ষ্টাৰ্ট-আপলৈ বিতৰণ কৰিছে, যি কেইটাই কৃষি ব্যৱসায়, এড-টেক, আৱৰ্জনা ব্যৱস্থাপনা, স্বাস্থ্যসেৱা আৰু দক্ষতা বিকাশ খণ্ডবোৰত কাম কৰি আছে।
চলিত বৰ্ষত বেংকে ১৫ কোটি টকালৈকে বিতৰণ কৰাৰ বাবে দুটা পৃথক পদ্ধতিৰ প্ৰস্তাৱ আগবঢ়াইছে। সেইবোৰ হৈছে : সপ্তম অনুসূচী অনুসৰি যোগ্য ইনকিউবেটৰ কোম্পানী আইন, ২০১৩ আৰু কোম্পানী (কৰ্পোৰেট সামাজিক দায়বদ্ধতা নীতি) নিয়ম ২০১৪ৰ অধীনত অনুদান কাৰ্যকৰী কৰিবলৈ তেওঁলোকৰ সামৰ্থ্য প্ৰস্তুত কৰিব, যি চিএছআৰ কাৰ্যসূচীৰ প্ৰয়োজনীয়তাৰ ওপৰত আধাৰিত প্ৰক্ৰিয়া হ’ব।ইনকিউবেটৰবোৰেও প্ৰ’গ্ৰাম ফোকাচ এলেকাসমূহৰ সৈতে সংৰেখি(align)ত ষ্টাৰ্ট-আপৰ এক দীঘলীয়া তালিকা অনুসূচী সপ্তমৰ অধীনত যোগ্য ষ্টাৰ্ট-আপসমূহ কোম্পানী আইন, ২০১৩ আৰু কোম্পানীবোৰ (কৰ্পোৰেট সামাজিক দায়বদ্ধতা নীতি) নিয়ম ২০১৪ অধীনত প্ৰস্তুত কৰা আৰু সামগ্ৰী বা প্ৰক্ৰিয়া অথবা সেৱাৰ উদ্ভাৱন, বিকাশ বা উন্নতিৰ দিশত কাম কৰা, যদি ই এক স্কেলেবল ব্যৱসায়িক আৰ্হি হয়, যাৰ নিযুক্তি সৃষ্টি বা সম্পদ সৃষ্টিৰ উচ্চ সম্ভাৱনা আছে তাক প্ৰয়োগ কৰা।