কাৰুশিল্প শ্ৰেণীত শুৱালকুছিয়ে লাভ কৰিলে’শ্ৰেষ্ঠ পৰ্যটন ভিলেজ’ বঁটা

232

ৰাজ্যৰ শুৱালকুছিয়ে এই বছৰ কাৰুশিল্প শ্ৰেণীত ‘শ্ৰেষ্ঠ পৰ্যটন ভিলেজ’ বঁটা লাভ কৰিছে। ৰেচম বয়ন উদ্যোগৰ কেন্দ্ৰ বিন্দু হোৱাৰ বাবে, অসমৰ সামাজিক আৰু অৰ্থনৈতিক ক্ষেত্ৰত এক গুৰুত্বপূৰ্ণ স্থান লাভ কৰাৰ বাবে ইয়াক এই সন্মান প্ৰদান কৰা হৈছে।

বিশ্ব পৰ্যটন দিৱস উপলক্ষে শুকুৰবাৰে পৰ্যটন মন্ত্ৰালয়ে এই বঁটা ঘোষণা কৰে।শুৱালকুছি মুগা, এৰি, পাট দৰে ৰেচম কাপোৰৰ ঐতিহ্য সংৰক্ষণৰ বাবে বিখ্যাত।

মুগা ৰেচমে ইয়াৰ স্বকীয় গুণ আৰু বৈশিষ্ট্যৰ বাবে আন্তৰ্জাতিক স্বীকৃতি লাভ কৰিছে।শুৱালকুছি ৰেচম বয়ন উদ্যোগৰ প্ৰচাৰ আৰু কল্যাণৰ বাবে কাম কৰা স্থানীয় বেচৰকাৰী সংগঠন মাৰাভেলাক পুৰস্কৃত কৰা হৈছে।