চুলি সৰা আৰু উফিৰ সমস্যা হৈছে নেকি আপোনাৰ?এই সমস্যাটো দূৰ হ’ব নিমিষতেই।আপুনি ঘৰতে কৰক এই কাম।

হয় গৰম বা প্ৰচণ্ড শীতৰ বাবে মানুহৰ শৰীৰত বিভিন্ন সমস্যাই দেখা দিয়ে। শীতৰ এই সময়খিনিত চুলিৰ সমস্যাই দেখা দিয়ে। চুলি ফটা, চুলি সৰা, উফিৰ সমস্যা ইত্যাদি। শীতকালৰ সময়খিনিত আপুনি চুলিৰ যতন লোৱাতো অতি জৰুৰী। চুলিৰ যতন ল’বলৈ হ’লে আপুনি বিভিন্ন চেম্পু অথবা ঘৰতে পোৱা কিছুমান বস্তুৰ সহায় লৈ নিজৰ চুলিখিনি সুন্দৰ আৰু স্বাস্থ্যৱান কৰি তুলিব পাৰে। আপুনি চুলিৰ উফিৰ সমস্যাৰ পৰা পৰিত্ৰাণ পাবলৈ ঘৰতে সহজে উপলব্ধ হোৱা নেমুৰ সহায় ল’ব পাৰে।উল্লেখযোগ্য যে নেমু হৈছে উফিৰ সমস্যাৰ পৰা পৰিত্ৰাণ পাব পৰা এক উপযোগী সমল।

নেমুৰ ৰস আৰু পানীৰ সংমিশ্ৰণে আপোনাৰ চুলিৰ উফিৰ সমস্যা দূৰ কৰিব পাৰে। যিহেতু নেমুত প্ৰচুৰ পৰিমাণে ছাইট্ৰিক এচিড থাকে। গতিকে ছাইট্ৰিক এচিডে মূৰৰ PHৰ ভাৰসাম্য সুৰক্ষিত কৰি ৰাখে। কিছু সময় মূৰত লগাই থৈ দিব লাগে নেমুৰ ৰস আৰু তাৰ পাছত সেই ৰস মিহলোৱা পানীৰে মূৰটো ধুব লাগে। তাৰ পাছত আপুনি চুলিখিনি চেম্পু কৰিলে আপোনাৰ উফি ৰোধ হোৱা দেখা যায়। ইয়াৰোপৰি আপুনি চুলিৰ উফিৰ সমস্যা দূৰ কৰিবলৈ নাৰিকল তেলৰ সহায় ল’ব পাৰে। প্ৰতিনিশা যদি আপুনি নাৰিকল তেল আৰু কেষ্টৰ তেল মিহলি কৰি চুলিত ঘঁহে, তেনেহ’লে আপোনাৰ চুলিত দেখা দিয়া উফিৰ সমস্যাৰ পৰা পৰিত্ৰাণ পাব পাৰে। চুলিৰ যতনৰ ক্ষেত্ৰত টেঙা দৈয়ে বিশেষভাৱে সহায় কৰে।টেঙা দৈ আপুনি মূৰৰ ছালত লগাই থৈ দিয়ক। ২০ মিনিট মানৰ পাছত আপুনি চুলিখিনি ধুই দিয়ক। এনে পদ্ধতি অৱলম্বন কৰিও আপুনি উফি আঁতৰ কৰিব পাৰিব।