চুলিখিনি সুন্দৰ কৰি ৰাখিবলৈ আপুনি কি কৰিব

8

উজ্জ্বল, ডাঠ তথা দীঘল ধুনীয়া চুলি সকলোৱে কাম্য।বিশেষকৈ মহিলাসকলৰ। চুলিখিনি আকৰ্ষণীয় কৰিবলৈ বহুতেই বজাৰত উপলব্ধ নামী-দামী তেল-ছেম্পু-মাস্ক ব্যৱহাৰ কৰে যদিও সুফল লাভ নকৰে।আপুনি জানি আচৰিত হ’ব যে চুলিখিনি ধুনীয়া কৰাত ভাতেও গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰে।

হয়, ভাতৰ সৈতে বিভিন্ন উপাদান মিহলাই কিদৰে চুলিত প্ৰয়োগ কৰিব পাৰি, আজি জানো আহক- আপুনি চুলিৰ যত্নত ভাতৰ সৈতে মেথি গুটি, বীট আৰু এল’ভেৰা মিহলাই হেয়াৰ মাস্ক তৈয়াৰ কৰিব পাৰে।মেথি গুটি চুলিৰ ঔষধ। মেথি গুটি প্ৰয়োগৰ ফলত চুলিৰ বিকাশ বৃদ্ধি আৰু উফি হ্ৰাস হয়।

এই পেষ্টটোত এটা বীটৰ ৰস আৰু এল’ভেৰা জেল দি চুলিত হেনাৰ দৰে প্ৰয়োগ কৰিব। এনেকৈ প্ৰায় ১ ঘণ্টাৰ বাবে ৰাখি চুলিখিনি পৰিস্কাৰ পানীৰে ধুই পেলাব।দীঘল আৰু শক্তিশালী চুলিৰ বাবে এই হেয়াৰ মাস্ক এটা সৰল আৰু কাৰ্যকৰী প্ৰতিকাৰ। ইয়াক সপ্তাহত দুবাৰ ব্যৱহাৰ কৰি আপুনি আপোনাৰ চুলিৰ বিকাশ উন্নত কৰিব পাৰে।