চাইবাৰ অপৰাধৰে লাখ লাখ টকা সৰকোৱা আমিনুৰ আৰক্ষীৰ জালত

162

অৱশেষত হাজো আৰক্ষীৰ জালত পৰিল আন্ত:ৰাষ্ট্ৰীয় চাইবাৰ অপৰাধী আমিনুৰ ৰহমান। টিভি চেনেল ষ্টাৰ টিভিৰ লাইভ ক্ৰিকেট আৰু কাবাদী খেল হেক কৰি লাখ লাখ টকা সৰকোৱা চাইবাৰ অপৰাধীজনক আৰক্ষীয়ে নিজ ঘৰৰ পৰাই আটক কৰিবলৈ সক্ষম হয়।

আৰক্ষীয়ে জানিবলৈ দিয়া মতে, আমিনুৰ ৰহমানে নিজাকৈ দুটা এপ নিৰ্মান কৰি চেটেলাইট চেনেলটোৰ পৰা লাইভ টেলিকাষ্ট হৈ থকাৰ সময়তে খেলৰ অংশ অনলাইনযোগে হেক কৰি নিজৰ এপ দুটাৰ জৰিয়তে প্ৰচাৰ কৰি আহিছিল। ইয়াৰ জৰিয়তে আমিনুৰে লাভ কৰিছিল লাখ লাখ টকা।

বিগত ৬ মাহৰ পৰা এই বিষয়ে STAR INDIA PVT. LTD. ৰ তদন্ত সংস্থাৰ এই বিষয়টো দৃষ্টি গোচৰ হোৱাত কেইবাবাৰো আমিনুৰলৈ সতৰ্কতাবাণীও প্ৰেৰণ কৰা হৈছিল।

কিন্তু তাৰ পাছতো আমিনুৰে এপ দুটাৰ জৰিয়তে প্ৰচাৰ কৰি গৈছিল ক্ৰিকেট আৰু কাবাদী খেলৰ লাইভ। যাৰ পৰিণতিত সংস্থাটোৱে হাজো আৰক্ষীৰ সহযোগত হাজোৰ নিজৰ ঘৰৰ পৰা আটক কৰিবলৈ সক্ষম হৈছে আমিনুৰক।