সমগ্ৰ ভাৰতবৰ্ষৰ লগতে গুৱাহাটী বিশ্ববিদ্যালয়তো লৌহ মানৱ চৰ্দাৰ বল্লভভাই পেটেলৰ জন্ম জয়ন্তী উপলক্ষে বিভিন্ন কাৰ্যসূচী হাতত লোৱা হয়। তাৰ মাজতে গুৱাহাটী বিশ্ববিদ্যালয় এন এছ এছ কোষৰ তৰফৰ পৰা এক বৃহৎ বৃক্ষৰোপণ কাৰ্যসূচী হাতত লোৱা হয়। আজাৰৰ ঠাকুৰণি গাঁৱৰ কালমণি নদীৰ কাষত এই গছপুলিসমূহ ৰোপণ কৰা হয়।
বৃক্ষৰোপণ কাৰ্যসূচীটো গুৱাহাটী বিশ্ববিদ্যালয়ৰ ছাত্র কল্যাণ সঞ্চালক ডঃ ৰঞ্জন কুমাৰ কাকতিয়ে নাহৰৰ পুলি ৰোপণেৰে উদ্বোধন কৰি ছাত্র ছাত্ৰী তথা গাঁৱৰ ৰাইজক গোলকীয় উত্তাপ বৃদ্ধি ৰোধৰ ক্ষেত্ৰত গছ গছনিয়ে কৰা সহায়ৰ কথা কৈ এক সুস্থ বাতাৱৰণৰ পৰিৱেশ সৃষ্টি কৰিবলৈ সজাগতামূলক বক্তৃতা আগবঢ়ায়।
এই অনুষ্ঠানটিত গুৱাহাটী বিশ্ববিদ্যালয় চৌহদৰ এন এছ এছ কোষৰ স্বাচ্ছাসেৱকসকলে এশৰো অধিক গছপুলি ৰোপণ কৰে লগতে এই অনুষ্ঠানটোত হৰি গায়ত্ৰী মহাবিদ্যালয়ৰ এন এছ এছ ৰ স্বপ্না শৰ্মাইয়ো উপস্থিত থাকি কাৰ্যসূচী সাফল্যমণ্ডিত হোৱাত সহায় কৰে।
