গুৱাহাটী বিশ্ববিদ্যালয়ৰ এনএছএছ কোষৰ আলোচনাচক্ৰ

147

গুৱাহাটী বিশ্ববিদ্যালয়ৰ ৰাষ্ট্ৰীয় সেৱা আঁচনি কোষে আয়োজন কৰা – “কোভিড প্ৰতিৰোধ আৰু নিয়ন্ত্ৰণ লগতে ভাৰতত কোভিড টীকাকৰণ “সম্পৰ্কীয় এখন আন্তঃৰাষ্ট্ৰীয় আলোচনাচক্ৰ ৱেবিনাৰৰ যোগেৰে সম্পন্ন হয়। আলোচনাচক্ৰখনত অতিথি আৰু অংশগ্ৰহণকাৰীক আদৰণি জনাই গুৱাহাটী বিশ্ববিদ্যালয় ছাত্ৰ কল্যাণ সঞ্চালক তথা এনএছএছ ৰ কাৰ্য্যসূচী সমন্বয়ক ডঃ ৰঞ্জন কুমাৰ কাকতিয়ে কয় ভেকচিন লোৱাৰ ফলত নিজক সুৰক্ষা কৰাৰ উপৰিও আনকো সুৰক্ষা দিয়ে আৰু ভেকচিনক লৈ যি অপপ্রচাৰ চলি আছে তাৰ বিৰুদ্ধেও স্বেচ্ছাসেৱক সকলক যুজঁ দিবলৈ আহ্বান জনায় ।


আলোচনাচক্ৰখন কামৰূপ মহানগৰ জিলাৰ উপায়ুক্ত বিশ্বজিৎ পেগুৰ হৈ উদ্বোধন কৰে সহকাৰী উপায়ুক্ত অনুৰাগ ৰুদ্ৰই । উদ্বোধনী ভাষণত তেওঁ কয় যে -কোভিডক লৈ সজাগতা বৃদ্ধি কৰি সকলকে কোভিড ভেকচিন লবলৈ আহ্বান জনায়। আলোচনাচক্ৰখনত সন্মানীয় অতিথি হিচাপে উপস্থিত থাকি গুৱাহাটী বিশ্ববিদ্যালয়ৰ প্ৰযুক্তিবিদ্যা বিভাগৰ ডীন ডঃ তুলসী বেজবৰুৱাই কয়, এই গুৰুত্বপূৰ্ণ সময়ত এনে বিষয়ক আলোচনাচক্ৰ পাতি সজাগতা বৃদ্ধি কৰা বাবে আয়োজকমণ্ডলীক ধন্যবাদ জনায়।


আলোচনাচক্ৰখনত সমল ব্যক্তি হিছাপে ভাগ লয় পেথলজি বিভাগৰ পৰামৰ্শদাতা ডঃ সীমান্ত দাস আৰু নৰৱে’ৰ ওচল’ বিশ্ববিদ্যালয়ৰ গবেষক বিজ্ঞানী দীপাংকৰ মান্নাই। তেওঁলোকৰ বক্তব্যত ক’ৰণাক কেনেকৈ প্ৰতিহত কৰিব পাৰি সেই বিষয়ে আলোচনা কৰাৰ উপৰিও ভেকচিনৰ তাৎপৰ্য বিতংভাবে আলোচনা কৰে ,আৰু এই ভেকচিনে কেনেকৈ মানুহৰ শৰীৰত ৰোগ প্ৰতিৰোধ ক্ষমতা বৃদ্ধি কৰে সেয়া সুন্দৰকৈ বুজাই দিয়ে ,লগতে সকলো প্ৰকাৰৰ ভেকচিনেই যে কাৰ্য্যকৰী আৰু যি ভেকচিনেই পোৱা যায় তাক লবলৈ আহ্বান জনায়। লগতে বিভিন্ন ধৰণৰ ভেকচিনৰ গঠন সমূহ তেওঁলোকে বুজাই দিয়ে।


আলোচনাচক্ৰখনত বিশেষভাৱে আমন্ত্ৰিত কৰা হয় টেকনোফীম ডট কম’ৰ প্ৰতিষ্ঠাপক দ্বয় জাৰ্মানীৰ পৰা অংশগ্ৰহণ কৰা বিদ্যুৎ ঠাকুৰীয়া, আৰু কৰেছিয়াৰ জন কষ্টাভিক। তেওঁলোকে জাৰ্মানী আৰু কৰেছিয়া ৰ কোভিড পৰিস্থিতি সম্পৰ্কে বিষদভাবে পৰ্যালোচনা কৰে। শেষত সকলক ধন্যবাদ জনাই শলাগৰ শৰাই আগবঢ়ায় অনুষ্ঠান সমাপ্ত কৰে গুৱাহাটী বিশ্ববিদ্যালয়ৰ এন.এছ.এছ গোটৰ কাৰ্য্যসূচী বিষয়া ডঃ ঋতুপৰ্ণ বৰাই । ডঃ বৰাই পৰিচালনা কৰা ওৱেবিনাৰ খনত বিশ্ববিদ্যালয়ৰ শিক্ষক- ছাত্ৰৰ লগতে দেশ- বিদেশৰ বিভিন্ন প্ৰান্তৰ অংশগ্ৰহণকাৰীয়ে অংশগ্ৰহণ কৰে ।