ভাৰতৰ মহিলা এদিনীয়া বিশ্বকাপত পাকিস্তানৰ বিৰুদ্ধে গুৰুত্বপূৰ্ণ খেলখন ৫ অক্টোৰৰত নিৰপেক্ষ স্থান কলম্বোৰ আৰ প্ৰেমাদাছা ষ্টেডিয়ামত অনুষ্ঠিত হ’ব। আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেট পৰিষদে বিশ্বকাপৰ সময়সূচী ঘোষণা কৰে। চলিত বৰ্ষৰ আৰম্ভণিতে চেম্পিয়নছ ট্ৰফী আৰু পৰৱৰ্তী মেচসমূহৰ বাবে গ্ৰহণ কৰা ‘হাইব্ৰিড মডেল’ অনুসৰি কলম্বোক নিৰপেক্ষ স্থান হিচাপে সংযোজন কৰা হৈছে। ইয়াৰ পিছত ভাৰতে আই চি চি চেম্পিয়নছ ট্ৰফী (পুৰুষ)ৰ বাবে পাকিস্তানলৈ যাবলৈ অস্বীকাৰ কৰে। কাশ্মীৰৰ পহলগামত সংঘটিত সন্ত্ৰাসবাদী আক্ৰমণত ২৬ জন ভাৰতীয় পৰ্যটক নিহত হোৱাৰ পিছত জল্পনা-কল্পনা চলিছিল যে আই চি চিয়ে ভাৰত আৰু পাকিস্তানৰ মাজত ৰাউণ্ড ৰবিন মেচৰ আয়োজন কৰিব নেকি? দীৰ্ঘদিন ধৰি আইচিচিয়ে ভাৰত বনাম পাকিস্তানৰ খেলখন সকলো ইভেণ্টতে অন্তৰ্ভুক্ত কৰি আহিছে। দুয়োখন দেশৰ মাজত সামৰিক সংঘাতৰ পাছত ভাৰতে নিজৰ প্ৰধান প্ৰতিদ্বন্দ্বীৰে প্ৰতিদ্বন্দ্বিতা কৰিব পৰা ক্ষমতাক লৈ বিশ্ব পৰ্যায়ত সন্দেহৰ সৃষ্টি হৈছিল। অৱশ্যে কালি এই সূচী প্ৰকাশ কৰি সকলো সন্দেহ দূৰ কৰিছে আইচিচিয়ে। অহা ৩০ ছেপ্টেম্বৰৰ পৰা বেংগালুৰুত শ্ৰীলংকাৰ বিৰুদ্ধে ভাৰতে অভিযান আৰম্ভ কৰিব।
এইখন হ’ব এই বিশ্বকাপৰ উদ্বোধনী মেচ। উল্লেখ্য যে, অহা ২৬ অক্টোবৰত একেখন খেলপথাৰতে দলটোৱে প্ৰাৰম্ভিক পৰ্যায়ৰ অন্তিমখন খেলত বাংলাদেশৰ বিৰুদ্ধে খেলিব। ভাৰতৰ আন আন খেলসমূহ হ’ব ৯ অক্টোবৰত দক্ষিণ আফ্ৰিকাৰ বিৰুদ্ধে আৰু ১২ অক্টোবৰত অষ্ট্ৰেলিয়াৰ বিৰুদ্ধে বিশাখাপট্টনমত। ১৯ অক্টোবৰত ইন্দোৰত ইংলেণ্ডৰ বিৰুদ্ধে খেলিব আৰু তাৰ পিছত ২৩ অক্টোবৰত গুৱাহাটীত নিউজিলেণ্ডৰ বিৰুদ্ধে খেলিব। হাইব্ৰিড মডেল অনুসৰি পাকিস্তানে কলম্বোত সকলো মেচ খেলিব। ভাৰতৰ বিৰুদ্ধে খেলখনৰ উপৰিও প্ৰেমাদাছা ষ্টেডিয়ামত বাংলাদেশ (২ অক্টোবৰ), অষ্ট্ৰেলিয়া (৮ অক্টোবৰ), ইংলেণ্ড (১৫ অক্টোবৰ), নিউজিলেণ্ড (১৮ অক্টোবৰ), দক্ষিণ আফ্ৰিকা (২১ অক্টোবৰ) আৰু শ্ৰীলংকাৰ (২৪ অক্টোবৰ)ৰ বিৰুদ্ধেও খেলিব। ২৯ অক্টোবৰত গুৱাহাটী বা কলম্বোত অনুষ্ঠিত হ’ব প্ৰথমখন ছেমি ফাইনেল। প্ৰতিযোগিতাখনত পাকিস্তানৰ অগ্ৰগতিৰ ওপৰত নিৰ্ভৰ কৰিব।
দ্বিতীয়খন ছেমি ফাইনেল অহা ৩০ অক্টোবৰত বেংগালুৰুত অনুষ্ঠিত হোৱাৰ বিপৰীতে ২ নৱেম্বৰত বেংগালুৰু বা কলম্বোত অনুষ্ঠিত হ’ব ফাইনেল।এই সিদ্ধান্তও প্ৰতিযোগিতাখনত পাকিস্তানৰ স্থিতি অনুসৰি লোৱা হ’ব। ২০১৩ চনৰ পিছত প্ৰথমবাৰৰ বাবে ভাৰতে আয়োজন কৰিছে এই গ্লোবেল ইভেণ্ট।আটাইকেইটা আঠটা দলে ইজনে আনজনৰ বিৰুদ্ধে ৰাউণ্ড ৰবিন ফৰ্মেটত খেলিব। ইয়াত শীৰ্ষ চাৰিটা দলে ছেমি ফাইনেলত প্ৰৱেশ কৰিব। আয়োজক ভাৰতৰ উপৰিও অষ্ট্ৰেলিয়া, ইংলেণ্ড, নিউজিলেণ্ড, দক্ষিণ আফ্ৰিকা আৰু শ্ৰীলংকাই বিশ্বকাপৰ বাবে প্ৰত্যক্ষ অৰ্হতা নিশ্চিত কৰাৰ বিপৰীতে চলিত বৰ্ষৰ আৰম্ভণিতে লাহোৰত অনুষ্ঠিত হোৱা কোৱালিফায়াৰৰ জৰিয়তে পাকিস্তান আৰু বাংলাদেশে প্ৰতিযোগিতাখনত প্ৰৱেশ কৰে।
