সৰ্বভাৰতীয় ফুটবল ফেডাৰেচনৰ গ্ৰাছৰুট্‌ছ বঁটাৰ বাবে মনোনীত গুৱাহাটী চিটী এফচি

1501

সৰ্বভাৰতীয় ফুটবল ফেডাৰেচনৰ (এআইএফএফ) গ্ৰাছৰুট্‌ছ বঁটা ২০২৩-২৪ৰ বাবে মনোনীত হৈছে গুৱাহাটী চিটী এফচি (জিচিএফচি) ৷ দেশৰ গ্ৰাছৰুট্‌ছ ফুটবলৰ উন্নয়নৰ ক্ষেত্ৰত জড়িত ক্লাব তথা সংস্থাসমূহক উৎসাহ দিবলৈ এআইএফএফে প্ৰদান কৰা এই বঁটাৰ ‘অপাৰেচন্‌ছ’ শাখাত শ্ৰেষ্ঠ গ্ৰাছৰুট্‌ছ কৰ্ম আঁচনি বঁটাৰ বাবে জিচিএফচিক মনোনীত কৰা হৈছে । অসমৰ একমাত্ৰ ক্লাবৰূপে মনোনীত জিচিএফচিৰ লগত মনোনীত হৈছে কৰ্ণাটকৰ নাম্মা ছকাৰ স্কুল্‌ছ, এফচি মাংগালোৰ আৰু বাইচুং ভূটীয়া ফুটবল স্কুল্‌ছ ৷

২০১৭ চনত মূলতঃ গ্ৰাছৰুট্‌ছ আৰু যুৱ ফুটবলৰ উন্নয়নৰ বাবে স্থাপিত জিচিএফচি জন্মলগ্নৰেপৰা অসমৰ ফুটবল ক্ষেত্ৰখনৰ উন্নয়নৰ বাবে অগ্ৰণী ভূমিকা লৈ আহিছে ৷ ২০১৮ চনত ই আৰম্ভ কৰিছিল এআইএফএফৰ দ্বাৰা অনুমোদিত অসমৰ প্ৰথমটো গ’ল্ডেন বেবী লীগ (গ্ৰেটাৰ গুৱাহাটী বেবী লীগ) আৰু ইতিমধ্যে ৩০০০তকৈ অধিক শিশুক সামৰি এই লীগৰ তিনিটা ছিজন সফলতাৰে সমাপ্ত হৈছে ৷ গুৱাহাটীত ২০০তকৈ অধিক শিশুক ফুটবল শিক্ষা প্ৰদানেৰে সফল ফুটবল একাডেমী চলাই থকা জিচিএফচি সম্প্ৰতি অনুৰ্ধ ১৫ জিলা চেম্পিয়ন আৰু পূৰ্বে অনুৰ্ধ ১৩ৰ দুবাৰৰ চেম্পিয়ন ৷

গ্ৰাছৰুট্‌ছৰ লগতে ছিনিয়ৰ পৰ্যায়তো কাম কৰি থকা জিচিএফচিয়ে অসমৰ প্ৰথমটো ক্লাব হিচাপে ইণ্ডিয়ান ৱমেন্‌ছ লীগৰ কোৱালিফায়াৰ্ছত অংশ লৈছিল ৷ জিচিএফচিয়ে ২০২৩ চনত সন্মানীয় জিএছএ এ ডিভিজন ফুটবল লীগলৈও যোগ্যতা অৰ্জন কৰাৰ লগতে শেহতীয়াকৈ অসম ফুটবল সন্থাৰ ৰাজ্যিক ফুটছাল চেম্পিয়নশ্বিপ জয় কৰি অসমৰ প্ৰথমটো ক্লাব হিচাপে এআইএফএফৰ ৰাষ্ট্ৰীয় ফুটছাল ক্লাব চেম্পিয়নশ্বিপলৈ যোগ্যতা আহৰণ কৰিছে ৷