গুৱাহাটী অসম গ্ৰন্থমেলাত ১০ দিনত ৫কোটি ৮০লাখ টকাৰ গ্ৰন্থ বিক্ৰী

31

গুৱাহাটী অসম গ্ৰন্থমেলাৰ দশম দিনা অৰ্থাৎ নতুন বছৰৰ  প্ৰথমটো দেওবাৰে  গ্ৰন্থপ্ৰেমীৰ বিশাল সমাৱেশত উছৱমুখৰ হয় খানাপাৰাস্থিত  পশু চিকিৎসা মহাবিদ্যালয় খেলপথাৰ। পুৱা গ্ৰন্থমেলাৰ দ্বাৰ মুকলি কৰাৰ পৰা আৰম্ভ হয় জনস্ৰোত ৷ সন্ধিয়াৰ ভাগত লোকাৰণ্যত পৰিণত হয় গ্ৰন্থমেলাৰ বাকৰি ৷ পুৱা ৯-৩০ বজাৰ পৰা অনুষ্ঠিত কৰা “শিশুৰ দিন”ত কণ-মইনাহঁতৰ কলকলনিত আকৰ্ষণীয় হৈ পৰে অসম গ্ৰন্থমেলা প্ৰাংগণ৷

“শিশুৰ দিন” উদ্বোধন কৰে অসম সাহিত্য সভাৰ প্ৰাক্তন উপ-সভানেত্ৰী, বিশিষ্ট সমাজসেৱী, লেখিকা মৃণালিনী দেৱীয়ে৷ শিশুসকলক লৈ অসম প্ৰকাশন পৰিষদ আৰু সদৌ অসম পুথি প্ৰকাশক আৰু বিক্ৰেতা সংস্থাৰ এই প্ৰচেষ্টাৰ শলাগ লৈ তেওঁ কয় —“গ্ৰন্থমেলাত এনেদৰে এটা দিন শিশুৰ বাবে দিয়াটো আনন্দদায়ক৷ আমাৰ শিশুসকল বিভিন্ন প্ৰতিভাৰ আকৰ ৷ তেওঁলোকৰ প্ৰতিভা বিকাশ আৰু প্ৰসাৰৰ বাবে এনে এখন মঞ্চ অতি প্ৰয়োজনীয়৷

শিশু সকলেই দেশখনৰ ভৱিষ্যত ৷ সাহিত্য-সংস্কৃতি, ক্ৰীড়া-বিজ্ঞান, ৰাজনীতি-বাণিজ্য সকলো ক্ষেত্ৰৰে ভৱিষ্যৎ নিৰ্ভৰ কৰিব আজিৰ শিশুসকলৰ ওপৰত।” তেওঁ অভিভাৱক আৰু শিশু-কিশোৰসকলক উদ্দেশ্যি কয় যে কিতাপ পঢ়াৰ অভ্যাস আৰম্ভণিৰে পৰা গঢ়ি তোলা দৰকাৰ৷