বিপদে লগ নেৰা হৈছে মহানগৰবাসীক। পুৱাৰে পৰা অহা নেৰানেপেৰা বৰষুণৰ ফলত কৃত্ৰিম বানত একাকাৰ হৈ পৰিছে মূল ৰাজপথৰ লগতে পদপথ। আপুনি বাহিৰলৈ ওলাই যোৱাৰ পূৰ্বে জানক ক’ত ক’ত হৈছে পানী? আজি হঠাতে পুৱা পৰিৱেশ সলনি হৈ পৰে গুৱাহাটী মহানগৰীৰ।গুৱাহাটীৰ চানমাৰি, অনিল নগৰ, নবীন নগৰ, কাহিলীপাৰা, হাতীগাঁওকে ধৰি ভিন্নস্থানত এই পৰ্যন্ত পানীৰে উপচি পৰিছে। পুৱাৰে পৰা অহা নেৰানেপেৰা বৰষুণজাকে সমস্যাত পেলাইছে মহানগৰবাসীক।
