শেহতীয়াকৈ প্ৰকাশিত দুটা গৱেষণাই আন্ত্ৰিক স্বাস্থ্যৰ উন্নতি আৰু সম্ভাৱ্যভাৱে হৃদযন্ত্ৰ ভালে ৰখাত আলমণ্ডৰ ভূমিকাৰ কথা পোহৰলৈ আনিছে। কেলিফৰ্নিয়া আলমণ্ড ব’ৰ্ডৰ পুঁজিৰে সমাপন কৰা এই গৱেষণাত গৱেষকসকলে লাভ কৰা তথ্য অনুসৰি, আলমণ্ডে প্ৰাকৃতিক প্ৰিবায়টিক হিচাপে কাম কৰি বিফিডবেক্টেৰিয়াম, লেক্টবেচিলাছ, ৰোজবুৰিয়াৰ দৰে উপকাৰী আন্ত্ৰিক বেক্টেৰিয়াৰ পৰিমাণ বৃদ্ধি কৰে। আলমণ্ড নিয়মীয়াকৈ খালে বিউটাইৰেটৰ উৎপাদন বৃদ্ধি হয়, যি হৈছে হ্ৰাস হোৱা প্ৰদাহ(ইনফ্লেমেচন), উন্নত পাচন আৰু হৃদপিণ্ডৰ স্বাস্থ্যৰ সৈতে জড়িত এটা শ্বৰ্ট-চেন ফেটি এচিড।
প্ৰথম পৰ্যালোচনাই আলমণ্ডৰ প্ৰিবায়টিক সম্ভাৱনাৰ ওপৰত গুৰুত্ব আৰোপ কৰি উল্লেখ কৰিছিল যে আলণ্ডত থকা আঁহ, পলিফেনল আৰু অলিগোছেকাৰাইডে উপকাৰী অন্ত্ৰৰ অণুজীৱক পুষ্টি প্ৰদান কৰে আৰু বিভিন্ন ধৰণৰ মাইক্ৰ বায়ম সমৰ্থন কৰে। দ্বিতীয় গৱেষণাপত্ৰত অন্ত্ৰ-হৃদযন্ত্ৰৰ অক্ষৰ অন্বেষণ কৰি পৰামৰ্শ দিয়া হৈছিল যে এলডিএল কলেষ্টেৰল আৰু ৰক্তচাপ হ্ৰাস কৰাৰ দৰে আলমণ্ডৰ হৃদযন্ত্ৰৰ সুৰক্ষাৰ সুবিধাসমূহ অন্ত্ৰৰ মাইক্ৰবায়টা কাৰ্যক্ষমতা উন্নত কৰাৰ জৰিয়তে মধ্যস্থতা কৰিব পাৰি। অধ্যাপক জেক গিলবাৰ্ট আৰু ডাঃ ৰবীন্দৰ নাগপালকে ধৰি কেইবাজনো বিশেষজ্ঞই সৰ্বোত্তম ব্যৱহাৰৰ স্তৰ নিৰ্ধাৰণ কৰিবলৈ আৰু অন্ত্ৰ তথা হৃদপিণ্ডৰ স্বাস্থ্যক সংযোগ কৰা প্ৰণালীবোৰ স্পষ্ট কৰিবলৈ অধিক গৱেষণাৰ আহ্বান জনায়।
গুৱাহাটী মহানগৰীতো স্বাস্থ্য সচেতন গ্ৰাহকসকলৰ মাজত আলমণ্ড ক্ৰয় আৰু খোৱাৰ পৰিমাণ ক্ৰমাগতভাৱে বৃদ্ধি পাইছে। খুচুৰা বিক্ৰেতাসকলে ছুপাৰমাৰ্কেট আৰু স্থানীয় বিপণীসমূহত বৰ্ধিত চাহিদাৰ কথা প্ৰকাশ কৰিছে, য’ত পাচন সুস্থতা আৰু হৃদপিণ্ডৰ স্বাস্থ্যৰ প্ৰতি লক্ষ্য কৰি খাদ্যত আলমণ্ড সন্নিৱিষ্ট কৰাটো ক্ৰমান্বয়ে বৃদ্ধি হোৱা দেখা গৈছে। অঞ্চলটোৰ পুষ্টি বিশেষজ্ঞসকলেও পৰিয়াল আৰু কৰ্মৰত পেছাদাৰীসকলৰ বাবে এক সুবিধাজনক, পুষ্টিকৰ-ঘন খাদ্য হিচাপে আলমণ্ড খোৱাৰ পৰামৰ্শ দিছে। প্ৰতি আউঞ্চত ৬ গ্ৰাম প্ৰটিন, ৪গ্ৰাম আঁহ আৰু সমৃদ্ধ পুষ্টিকৰ সোপানেৰে আলমণ্ড আন্ত্ৰিক আৰু হৃদযন্ত্ৰৰ স্বাস্থ্যৰ সৈতে সংযোগ স্থাপন কৰা এক কাৰ্যক্ষম খাদ্য হিচাপে প্ৰমাণিত হৈছে।
