নাগালেণ্ডত গুণগত স্বাস্থ্যসেৱাৰ সুবিধা বৃদ্ধিৰ বাবে গুৰগাঁওস্থিত মেডান্ট – দ্য মেডিচিটীয়ে নাগালেণ্ড চৰকাৰ, আইডিএএন, উদ্যোগ আৰু বাণিজ্য সঞ্চালকালয় আৰু নাগালেণ্ড আৰক্ষীৰ সৈতে অংশীদাৰিত্বৰে ২০২৫ বৰ্ষৰ ২৫ জুনৰ পৰা ২৭ জুনলৈকে ৰাজধনী কহিমাত ৩ দিনীয়া বহু বিশেষজ্ঞ চিকিৎসা শিবিৰৰ আয়োজন কৰিছে। একেৰাহে ৬ বছৰ ধৰি নিউজউইকৰ দ্বাৰা ভাৰতৰ শ্ৰেষ্ঠ ব্যক্তিগত চিকিৎসালয় হিচাপে স্বীকৃতি লাভ কৰা মেডাণ্টই মুখ্যমন্ত্ৰীৰ স্বাস্থ্য বীমা আঁচনি (চিএমএইচআইএছ)ৰ অধীনত সহযোগিতাৰ অংশ হিচাপে এই বিশেষ শিবিৰৰ আয়োজন কৰিছে। এই পদক্ষেপৰ লক্ষ্য হৈছে অৱহেলিত বা পিছপৰা সম্প্ৰদায়সমূহক বিশেষ যত্ন প্ৰদান কৰা আৰু নাগালেণ্ডৰ বৰ্ধিত কৰ্কট ৰোগৰ বোজাৰ সৈতে মোকাবিলা কৰা।
এই স্বাস্থ্য শিবিৰটো ৩টা স্থানত অনুষ্ঠিত হ’ব: আইডিএএন কেপিটেল কনভেনচন চেণ্টাৰ (২৫ জুন), উদ্যোগ আৰু বাণিজ্য সঞ্চালকালয় (২৬ জুন) আৰু আৰক্ষী মুখ্য কাৰ্যালয় (২৭ জুন)। নাগালেণ্ড বিধানসভাৰ অধ্যক্ষ শ্বৰিংগাইন লংকুমাৰ, সঞ্চালক পি টোকুঘা ছেমা আৰু ডিজিপি ৰূপিন শৰ্মাই ক্ৰমে অধিৱেশনসমূহ উদ্বোধন কৰিব। মেডাণ্ট গ্ৰুপৰ চিএমডি ডাঃ নৰেশ ত্ৰেহনে নিজৰ অভিমত সদৰি কৰি কয় যে, “গুণগত স্বাস্থ্যসেৱা এক অধিকাৰ, বিশেষাধিকাৰ নহয়।”
গুৱাহাটীৰ চিকিৎসা বিশেষজ্ঞসকলে এই পদক্ষেপক আদৰণি জনাই উল্লেখ কৰিছে যে, উত্তৰ-পূবত স্বাস্থ্যসেৱাৰ প্ৰসাৰে সকলোতে একেধৰণৰ স্বাস্থ্য অংশীদাৰিত্বক উৎসাহিত কৰিব পাৰে। গুৱাহাটী মহানগৰীতো বিশেষ যত্নৰ চাহিদা বৃদ্ধি পাইছে আৰু মেডাণ্টৰ উপস্থিতিয়ে অঞ্চলটোত অধিক সহযোগিতামূলক স্বাস্থ্য অভিযানৰ পথ প্ৰশস্ত কৰিব পাৰে।
