গাল্ফ অইলে গুৱাহাটীত দ্বিতীয় বাৰলৈ আয়োজন কৰিছে ‘চাই-পকোড়া’ ৰাইডৰ, উদযাপনৰ বাবে একত্ৰিত কৰিছে বাইক আৰোহীসকলক

105

ভাৰত বাইক সপ্তাহ(আইবিডব্লিউ) ২০২৪ৰ সৈতে অংশীদাৰিত্ব ত্বৰান্বিত কৰি গুৱাহাটীত গাল্ফ অইল লুব্ৰিকেণ্টছ ইণ্ডিয়া লিমিটেডে দ্বিতীয় বাৰ্ষিক ‘চাই-পকোড়া’ ৰাইড আয়োজনৰ বাবে সাজু হৈছে। ২৩ ছেপ্টেম্বৰত অনুষ্ঠিত এইবাৰৰ এই ৰাইডত বিভিন্ন স্থানৰ ১০০ৰো অধিক বাইক আৰোহীয়ে অংশ লৈছিল, এই যাত্ৰা অসম লোকসেৱা আয়োগৰ কাৰ্যালয়ৰ সন্মুখৰ পৰা আৰম্ভ হৈ ৩২ কিলোমিটাৰ দৈৰ্ঘ্যৰ এক ৰোমাঞ্চকৰ যাত্ৰা চন্দ্ৰপুৰৰ পিআৰপি উপত্যকাত সমাপ্তি ঘটিছিল।

এই ৰাইডে কেৱল মটৰ চাইকেল চলোৱাৰ সতীৰ্থতাক উদযাপন কৰাই নহয়, লগতে সুৰক্ষাক সৰ্বাধিক অগ্ৰাধিকাৰ দিয়া হৈছিল। অংশগ্ৰহণকাৰীসকলে ৰাইডৰ পূৰ্বে আইবিডব্লিউ মাৰ্শ্বালৰ নেতৃত্বত অনুষ্ঠিত হোৱা ‘ছেফটি ৰাইডিং’ অনুষ্ঠানত অংশগ্ৰহণ কৰিছিল, য’ত গাল্ফ অইলে সকলো ৰাইডাৰক ফ্লু’ৰেচেণ্ট ছেফটি জেকেট প্ৰদান কৰিছিল। এক আমোদজনক পুছ-আপ আৰু বাৰ্পি চেলেঞ্জে প্ৰতিযোগীৰ মাজত শিখৰ চুমিছিল, যিয়ে বাইক চলোৱা সম্প্ৰদায়ক শক্তিশালী কৰি তুলিছিল।গাল্ফ অইলৰ পৰিচালনা সঞ্চালক আৰু মুখ্য কাৰ্যবাহী বিষয়া ৰবি চাওলাই এই সংস্কৰণৰ বাবে অংশীদাৰিত্বক লৈ উৎসাহ প্ৰকাশ কৰি কয় যে, “এই যাত্ৰাই ভাৰতৰ মটৰচাইকেল সম্প্ৰদায়ৰ আত্মাক প্ৰতিফলিত কৰিছে- যি দুঃসাহসিক, ভাতৃত্ববোধ আৰু মুকলি পথৰ প্ৰতি থকা প্ৰেমক দৰ্শাইছে।”

গুৱাহাটীত এই চাই-পকোড়া ৰাইডে যোৱা বৰ্ষত দীৰ্ঘদিনীয়া আৰু ইতিবাচক গুঞ্জনৰ সৃষ্টি কৰিছিল, লগতে স্থানীয় বিক্ৰেতাসকলে ব্যৱসায় আৰু বিক্ৰী বৃদ্ধি হোৱাৰ কথাও প্ৰকাশ কৰিছিল, কিয়নো চালক আৰু ৰাইডাৰসকলৰ পৰিয়ালে এই যাত্ৰাত নিৰ্দিষ্ট অঞ্চলসমূহ অন্বেষণ কৰিছিল। চাহৰ সৈতে পকৰিৰ সোৱাদ অসমবাসীৰ বাবে নতুন কথা নহয়, যিয়ে ভাৰতীয় সংস্কৃতিৰ সোৱাদৰ সৈতে বাইক চলোৱা আনন্দক অতিৰিক্ত মাত্ৰা যোগ কৰি চহৰখনৰ জীৱন্ত সম্প্ৰদায়ৰ মনোভাৱক অধিক সমৃদ্ধ কৰে।