আগন্তুক ইণ্ডিয়ান প্ৰিমিয়াৰ লীগ (আই পি এল) ছিজনৰ পূৰ্বে গুজৰাট টাইটানছে অষ্ট্ৰেলিয়াৰ প্ৰাক্তন অ’পেনাৰ মেথিউ হেডেনক বেটিং প্ৰশিক্ষক হিচাপে নিযুক্তি দিয়াৰ কথা মঙলবাৰে ঘোষণা কৰে। দুবাৰৰ এদিনীয়া বিশ্বকাপ বিজয়ী আৰু নিজৰ সময়ৰ অন্যতম প্ৰভাৱশালী অপেনিং বেটছমেন হেডেনৰ আন্তঃৰাষ্ট্ৰীয় কেৰিয়াৰৰ তাৰকা। হেডেনে সকলো ফৰ্মেটতে ২৭৩খন আন্তঃৰাষ্ট্ৰীয় মেচত অষ্ট্ৰেলিয়াক প্ৰতিনিধিত্ব কৰিছিল, ১৫,০০০ৰো অধিক ৰান সংগ্ৰহ কৰিছিল আৰু আইচিচিৰ অসংখ্য প্ৰতিযোগিতাৰ জয়ত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিছিল।
গুজৰাট টাইটানছৰ ক্ৰিকেটৰ সঞ্চালক বিক্ৰম সোলাংকিয়ে কয় যে মেথিউৰ নিযুক্তি আমাৰ যাত্ৰাৰ এক গুৰুত্বপূৰ্ণ সন্ধিক্ষণত আহিছে। শীৰ্ষ পৰ্যায়ত তেওঁৰ অভিজ্ঞতা আৰু উদীয়মান প্ৰতিভাক মেণ্টৰ কৰাৰ ক্ষমতা আগন্তুক ছিজনত আমাৰ বাবে গুৰুত্বপূৰ্ণ হ’ব। হেডেনে কয়-ভাল বেটিঙে চাপৰ সৃষ্টি কৰে। খেলখনত ডাঙৰ বেটিঙে আধিপত্য বিস্তাৰ কৰে। গুজৰাট টাইটানছত আমি সেই মানদণ্ড নিৰ্ধাৰণ কৰিব বিচাৰো।
বেটিঙৰ ক্ষেত্ৰত আক্ৰমণাত্মক দৃষ্টিভংগী আৰু কাৰিকৰীভাৱে সুস্থ শৈলীৰে হেডনে সীমিত অভাৰৰ ক্ৰিকেটত পাৱাৰপ্লে’ত আধিপত্য বিস্তাৰ কৰিবলৈ আৰম্ভ কৰে। আই পি এলতো ৩২খন মেচ খেলিছে, য’ত তেওঁ নিজৰ আগ্ৰাসী বেটিং শৈলীৰে বিশেষ ছাপ পেলাইছিল। জানিব পৰা মতে, অষ্ট্ৰেলিয়াৰ প্ৰাক্তন উইকেটকীপাৰ মেথিউ ৱেড এইবাৰ গুজৰাট টাইটানছৰ প্ৰশিক্ষক কৰ্মচাৰীৰ অংশ হোৱাৰ সম্ভাৱনা নাই।
