গুজৰাটৰ বদোদৰা জিলাত বুধবাৰে পুৱা সংঘটিত হয় এক দুৰ্ঘটনা ৷ প্ৰায় চাৰি দশক পুৰণি এখন দলঙৰ এটা অংশ ভাঙি কেইবাখনো বাহন সৰি পৰে নদীৰ বুকুত ৷ এই ঘটনাত ৯ জন লোকৰ মৃত্যু ঘটে ।গুজৰাটৰ বদোদৰা জিলাত বুধবাৰে পুৱা সংঘটিত হয় এক দুৰ্ঘটনা ৷ প্ৰায় চাৰি দশক পুৰণি এখন দলঙৰ এটা অংশ ভাঙি কেইবাখনো বাহন সৰি পৰে নদীৰ বুকুত ৷ এই ঘটনাত ৯ জন লোকৰ মৃত্যু ঘটে ।এগৰাকী বিষয়াই জনোৱা মতে, বদোদৰা অগ্নিনিৰ্বাপক বাহিনী আৰু স্থানীয় উদ্ধাৰকাৰী দলসমূহে উদ্ধাৰ অভিযানত অংশগ্ৰহণ কৰিছে ৷ এই বাতৰি লিখাৰ পৰলৈকে চলি আছে উদ্ধাৰ অভিযান ৷এন ডি আৰ এফ বাহিনীৰ এটা দল যাৱতীয় সা-সামগ্ৰীৰে ঘটনাস্থলীলৈ ৰাওনা হৈছে বুলি বিষয়াগৰাকীয়ে জনায় । ২৩ টা খুটা থকা ৯০০ মিটাৰ দৈৰ্ঘৰ এই গম্ভীৰা দলংখনে গুজৰাটৰ বদোদৰা আৰু আনন্দ জিলাক সংযোগ কৰে ।
