কামৰূপ মহানগৰ জিলা পৰিবহণ বিষয়াৰ কাৰ্যালয়ৰ উদ্যোগত অনুষ্ঠিত “সম্পূৰ্ণ সেৱা মাহ”ৰ কাৰ্যসূচীলৈ যান-বাহন ব্যৱহাৰকাৰী সকলে ব্যাপক সহযোগিতা আগবঢ়াইছে। পহিলা জুলাইত আৰম্ভ হোৱা “সম্পূৰ্ণ সেৱা মাহ”ৰ কাৰ্যসূচীত যোৱা সপ্তাহটোত মহানগৰ জিলাখনৰ বিভিন্ন মহাবিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰী উপস্থিত হৈ হোণ্ডা ছেফটি ড্ৰাইভিং এডুকেচন চেন্টাৰৰ সহযোগত চিমুলেটৰৰ দ্বাৰা বিশেষভাৱে আগবঢ়োৱা বাহন চালনাৰ বিনামূলীয়া শিক্ষা আৰু প্ৰশিক্ষণ গ্ৰহণ কৰে। প্ৰশিক্ষণৰ সময়ত প্ৰশিক্ষাৰ্থীসকলে বাহন চালনাৰ অনুজ্ঞাপত্ৰ এখন উলিয়াই ল’ব পৰাকৈ নিজকে সক্ষম, পাৰদৰ্শী কৰি তুলিব পৰাকৈয়ো সম্যক জ্ঞান লাভ কৰে।
একেদৰে শিক্ষক, চিকিৎসক, অধিবক্তা, সাংবাদিক, সেনা-জোৱানৰ পৰিয়াল আৰু বয়োজ্যেষ্ঠ লোকৰ বাবেও আগবঢ়োৱা সম্পূৰ্ণ সেৱা মাহৰ কাৰ্যসূচীলৈ বিশিষ্ট ব্যক্তিকলৰ উৎসাহজনক সহযোগিতা মনকৰিবলগীয়া। “সম্পূৰ্ণ সেৱা মাহ”ৰ কাৰ্যসূচীত প্ৰায় প্ৰতিদিনেই কুৰিৰো অধিক ব্যক্তি উপস্থিত হৈ যান-বাহনৰ নথিপত্ৰ বিষয়ক বিভিন্ন সমস্যাৰ সমাধান কৰে। পৰিবহণৰ বিশেষ কতৰ্ব্যৰত বিষয়া গৌতম দাসে গোটেই জুলাই মাহজুৰি অব্যাহত “সম্পূৰ্ণ সেৱা মাহ”ৰ অনাগত সময়চোৱাত ছাত্ৰ-ছাত্ৰীকে ধৰি উল্লিখিত ব্যক্তিসকলক উপস্থিত থাকি যানবাহনৰ নথিপত্ৰ বিষয়ক সমস্যাৰ সমাধান কৰিবলৈ আহ্বান জনায়।
তেওঁ কয় যে শিক্ষক, চিকিৎসক, অধিবক্তা, সাংবাদিক, সেনা জোৱান আৰু বয়োজ্যেষ্ঠ নাগৰিকসকল যিহেতু সমাজৰ অন্যতম অগ্ৰণী ব্যক্তি সেয়ে তেওঁলোকৰ যানবাহনৰ নথিপত্ৰ বিষয়ক সমস্যাৰ তাৎক্ষণিক সমাধানত বিশেষভাৱে মনোনিৱেশ কৰা হৈছে। কিয়নো এইসকল আগৰণুৱা ব্যক্তিয়ে তেওঁলোকৰ যানবাহনৰ নথি-পত্ৰসমূহ সকলো সময়তে সঠিক কৰি ৰখা কাৰ্যই বাহনৰ অন্যান্য গৰাকীকো নিজৰ দায়িত্ব আৰু কতৰ্ব্যবোধৰ প্ৰতি সচকিত আৰু দায়বদ্ধ কৰিব । যান-বাহনৰ গৰাকীৰ এনে সজাগতা-সুৰক্ষাৰ প্ৰচেষ্টাই অনাগত দিনত ৰাজ্যৰ ৰাজপথত সুৰক্ষিত যাতায়াত অব্যাহত ৰখাত বিশেষভাৱে যোগাত্মক প্ৰভাৱ পেলাব বুলিও পৰিবহণৰ উচ্চপদস্থ বিষয়াগৰাকীয়ে গুৰুত্বপূৰ্ণ মন্তব্য কৰে।
