গ্ৰেণ্ড শ্বপচি মেলাত ৫০% গ্ৰাহক বৃদ্ধি, আকৰ্ষিত কৰিছে সমগ্ৰ ভাৰতৰে লাখ লাখ লোকক

87

দৈনিক প্ৰায় ৫০% চাহিদা বৃদ্ধিৰে শ্বপচি বাই ফ্লিপকাৰ্টৰ গ্ৰেণ্ড শ্বপচি মেলাৰ পঞ্চম সংস্কৰণৰ সামৰণি পৰিছে। ১১-১৬ জুনলৈ আয়োজিত এই অনুষ্ঠানত ৪৩% নতুন গ্ৰাহকে অংশ লৈছিল, এই বজাৰ কৰা লোকসকলৰ অধিকাংশই প্ৰথমবাৰৰ বাবে ই-কমাৰ্চত বজাৰ কৰা লোক, ৭০% গ্ৰাহকে ২০০ টকাৰ তলৰ লেনদেন বা সামগ্ৰী বিচাৰিছিল। এই শ্বপচি মেলাত ১৬ কোটিৰো অধিক সামগ্ৰীৰ বিস্তৃত বিকল্প প্ৰডাক্ট প্ৰদৰ্শন কৰা হৈছিল, যিয়ে টায়াৰ ২ আৰু টায়াৰ ৩ চহৰসমূহৰ বাবে সামগ্ৰী যোগান ধৰিছিল। ফেশ্বন, ঘৰুৱা সামগ্ৰী, শিশুৰ সামগ্ৰী, বাজেট মোবাইলে সৰ্বাধিক চাহিদা লাভ কৰিছিল। লক্ষ্ণৌ, পাটনা, নাগপুৰ, কানপুৰ আৰু বিশাখাপট্টনমৰ দৰে চহৰসমূহত অধিকাংশ চাহিদা দেখা গৈছিল, কটক, গুৱাহাটী, ভাগলপুৰ আৰু বাঁকুৰাৰ দৰে চহৰৰ গ্ৰাহকেও যথেষ্ট আগ্ৰহ দেখুৱাইছিল।

আকৰ্ষণীয় লেনদেন আৰু ভইচ চাৰ্চ, ইমেজ চাৰ্চ আৰু এআই চেটবটৰ দৰে উদ্ভাৱনী বৈশিষ্ট্যসমূহে গ্ৰাহকৰ মাজত বজাৰ কৰাৰ অভিজ্ঞতা বৃদ্ধি কৰি তুলিলে। গ্ৰাহকসকলে লেনদেন কৰা সামগ্ৰীসমূহৰ ভিতৰত আছিল ৭৯ টকাৰ পৰা আৰম্ভ হোৱা ট্ৰেণ্ডি টি-চাৰ্ট, ৮০ টকাৰ পৰা উপলব্ধ কুৰ্টী আৰু ১২৯ টকাৰ পৰা আৰম্ভ হোৱা পুৰুষৰ জোতা ইত্যাদি। ৰাজকোট, গাজিয়াবাদ, পানীপট আৰু জয়পুৰৰ বিক্ৰেতাসকলে বিশেষকৈ ঘৰুৱা শিতানত ২-৩গুণ অধিক বিক্ৰী কৰিবলৈ সক্ষম হৈছিল।

শ্বপচিৰ ব্যৱসায়িক মুৰব্বী প্ৰত্যুষা আগৰৱালে অনুষ্ঠানৰ সফলতাৰ ওপৰত আলোকপাত কৰি নিজৰ অভিমত প্ৰকাশ কৰি কয় যে, “আমি গ্ৰাহকৰ পছন্দ অনুসৰি উদ্ভাৱন আৰু খাপ খুৱাই ল’ব পৰাকৈ ব্যতিক্ৰমী মূল্য প্ৰদানৰ আমাৰ অভিযান বৰ্তমানেও শক্তিশালী হৈয়ে আছে।” শ্বপচিয়ে ভাৰতৰ অগ্ৰণী হাইপাৰ-ভেল্যু ই-কমাৰ্চ প্লেটফৰ্ম হিচাপে নিজৰ মৰ্যাদাক শক্তিশালী কৰি সুলভ মূল্যৰ, মূল্যভিত্তিক সামগ্ৰী আগবঢ়াই নিজৰ সমৃদ্ধিৰ ধাৰা বজাই ৰখাৰ লক্ষ্য ৰাখিছে।