চৰকাৰী আঁচনিৰ বাবে যোগ্য নহ’ব দুটাতকৈ অধিক সন্তান থকা লোক

725

শনিবাৰে অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কয় যে অসম চৰকাৰৰ আঁচনিৰ বাবে দুটাতকৈ অধিক সন্তান থকা লোক যোগ্য নহ’ব।কাৰণ চৰকাৰে ৰাজ্য চৰকাৰৰ নিৰ্বাচিত আঁচনিসমূহত জনসংখ্যা নিয়ন্ত্ৰণৰ নিয়ম সমূহ কাৰ্যকৰী কৰাৰ সিদ্ধান্ত লৈছে।কিন্তু সকলো চৰকাৰী আঁচনিৰ ক্ষেত্ৰত নিয়মবোৰ প্ৰযোজ্য নহ’ব।মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কয়”আমি বিদ্যালয়ত শিশুৰ বিনামূলীয়া নামভৰ্তি বা প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ ক্ষেত্ৰত দুটা সন্তানৰ নিয়ম কাৰ্যকৰী কৰিব নোৱাৰো। কিন্তু যদি আমি মুখ্যমন্ত্ৰী আৱাস যোজনা আৰম্ভ কৰোঁ, তেন্তে এই বিষয়টো প্ৰয়োগ কৰা হ’ব পাৰে,”। ড০ শৰ্মাই লগতে কৈছিল যে এআইইউডিএফৰ মুৰব্বী বদৰুদ্দিন আজমলেও মহিলা শিক্ষাৰ ক্ষেত্ৰত চৰকাৰৰ পদক্ষেপক আদৰণি জনাইছে। 2019 চনত, ৰাজ্য চৰকাৰে সিদ্ধান্ত লৈছিল যে দুটাতকৈ অধিক সন্তান থকা লোকসকল চৰকাৰী চাকৰিৰ বাবে যোগ্য নহ’ব।উল্লেখ্য যে “২০২১ চনৰ ১ জানুৱাৰীৰ পৰা দুটাতকৈ অধিক সন্তান থকা সকলক চৰকাৰী চাকৰিৰ বাবে বিবেচনা কৰা নহ’ব,” ।