নিউজ ডেস্কঃ দেশৰ সেৱাত উৎসৰ্গিত এজন তৰুণ জোৱানৰ অকাল মৃত্যুৱে শোকস্তব্ধ কৰিছে সমগ্ৰ দেশবাসীক। কৰ্তব্যৰত অৱস্থাত জম্মু-কাশ্মীৰত সংঘটিত এক মৰ্মন্তুদ পথ দুৰ্ঘটনাই নিমিষতে ম্লান কৰি দিলে এটা পৰিয়ালৰ সকলো সুখ। হাৰিয়ানাৰ ঝাজ্জৰ জিলাৰ গিজাৰোড গাঁৱৰ মোহিত আছিল তেনে এজন সাহসী জোৱান, যিয়ে বৃহস্পতিবাৰে জম্মু-কাশ্মীৰৰ ডোডাত প্ৰাণ হেৰুৱায়।
সেনাৰ এখন সুৰক্ষিত সৈন্যবাহী বাহন পাহাৰীয়া ঠেক পথৰ পৰা বাগৰি পৰাৰ ফলত মোহিতকে ধৰি মুঠ ১০ গৰাকী জোৱান নিহত হয়। ৫ বছৰ পূৰ্বে ভাৰতীয় সেনাত যোগদান কৰা মোহিত ২০২৪ৰ নৱেম্বৰ মাহত বিবাহপাশত আৱদ্ধ হৈছিল। প্ৰথম বিবাহ বাৰ্ষিকী উপলক্ষ্যে যোৱাটো নৱেম্বৰত ছুটি লৈ ঘৰলৈ আহিছিল মোহিত। মোহিতৰ পত্নী এতিয়া অন্তঃসত্বা। কিন্তু সন্তানৰ মুখ দেখাৰ পূৰ্বেই শ্বহীদ হয় ২৫ বৰ্ষীয় জোৱানজন।
মোহিতৰ মৃত্যুৰ খবৰ বিয়পি পৰাৰ লগে লগে সমগ্ৰ গাঁওবাসী তেওঁৰ বাসগৃহত সমবেত হয়। পৰিয়ালৰ দুই ভাতৃৰ ভিতৰত জ্যেষ্ঠ মোহিতে দেশৰ বাবে কাম কৰিবলৈ সদায় আগ্ৰহী আছিল। আজি বিয়লি শ্বহীদ জোৱানজনৰ নশ্বৰদেহ গাঁৱত উপস্থিত হোৱাৰ সম্ভাৱনা আছে। গাঁও পঞ্চায়তে ইতিমধ্যে সম্পূৰ্ণ সামৰিক মৰ্যাদাৰে তেওঁৰ অন্ত্যেষ্টিক্ৰিয়া সম্পন্ন কৰিবলৈ সকলো প্ৰস্তুতি সম্পূৰ্ণ কৰি তুলিছে।
