শিক্ষাৰ্থী আৰু যুৱচামৰ বাবে ডিজিটেল চালিত শিক্ষণ আৰু দক্ষতা বিকাশৰ উদ্দেশ্যে অসম চৰকাৰেৰে সহযোগিতা স্থাপন গুগলৰ

811

ৰাজ্যত ডিজিটেল বিকাশ আৰু উন্নয়নৰ প্ৰসাৰৰ অসম চৰকাৰৰ মিছনক সমৰ্থন আৰু ত্বৰান্বিত কৰিবলৈ গুগলে আজি এক বুজাবুজিৰ চুক্তিত(MoU) স্বাক্ষৰ কৰে। এই নতুন পদক্ষেপৰ অধীনত গুগলে অসম চৰকাৰৰ দক্ষতা, নিয়োগ, আৰু উদ্যমিতাৰ বিভাগৰ (SEED) সৈতে সহযোগিতা স্থাপন কৰি শিক্ষাদান আৰু শিক্ষাগ্ৰহণত সহায়ক হোৱাকৈ ডিজিটেল শিক্ষণ পদ্ধতি আৰু সমাধান ব্যৱস্থাৰে তেওঁলোকৰ স্কুল ডিজিটেলকৰণ প্ৰচেষ্টা শক্তিশালী কৰিব আৰু ইয়াৰ সমান্তৰালকৈ ‘বি ইন্টাৰনেট অ’ছ’ম’ কাৰ্যসূচীৰ জৰিয়তে অনলাইন সুৰক্ষা আৰু ডিজিটেল নাগৰিকত্বৰ মৌলিক দিশসমূহৰ বিষয়ে প্ৰচাৰ কৰিব।

গুগলে লগতে আছাম স্কিল ডেভেলপমেন্টমিছন (ASDM) ৰ সহযোগত অসমৰ যুৱচামলৈ গুগল কেৰিয়াৰ চাৰ্টিফিকেটছৰ বাবে জলপানিও আগবঢ়াব। বুজাবুজিৰ চুক্তিত স্বাক্ষৰ কৰা সন্দৰ্ভত অসম চৰকাৰৰ সন্মানীয় মুখ্যমন্ত্ৰী ড°হিমন্ত বিশ্ব শৰ্মাই কয়, “বিগত বছৰ সমূহত অসমলৈ আগবঢ়োৱা সমৰ্থন আৰু প্ৰতিশ্ৰুতিৰ লগতে বিভিন্ন সমুদায়ৰ মাজত ডিজিটেল স্বাক্ষৰতা ত্বৰান্বিত কৰাৰ আমাৰ প্ৰচেষ্টাক সমৰ্থন কৰাৰ বাবে মই গুগলক ধন্যবাদ জনাইছোঁ। অসমক ৰূপান্তৰ কৰাৰ আৰু দেশৰ বিকাশত অৰিহণা যোগোৱা আগশাৰীৰ অৰ্থনীতি হিচাপে গঢ়ি তোলাৰ আমাৰ লক্ষ্যৰ বাবে ডিজিটেল চালিত প্ৰযুক্তি আৰু শাসনত গুৰুত্ব আৰোপ কৰিছোঁ। ৰাজ্যজুৰি বিদ্যালয়ৰ শ্ৰেণীকোঠাসমূহলৈ শ্ৰেষ্ঠ ডিজিটেল পদ্ধতি আৰু প্ৰযুক্তি কঢ়িয়াই আনিবলৈ আৰু নতুন দক্ষতাৰ সুযোগ সৃষ্টি কৰিবলৈ গুগলৰ সৈতে সহযোগিতা স্থাপন কৰি আমি নথৈ আনন্দিত হৈছোঁ। এই কাৰ্যসূচীসমূহে আমাৰ শিশু আৰু আমাৰ যুৱক-যুৱতীসকলক দক্ষতা বিকাশৰ ক্ষেত্ৰত আৰু চাকৰি আৰু কেৰিয়াৰৰ সুযোগ শক্তিশালী কৰাত বহুখিনি সহায় কৰিব।“

বুজাবুজিৰ চুক্তিৰ কথা বৰ্ণনা কৰি গুগল ইণ্ডিয়াৰ কাউন্ট্ৰি হেড আৰু উপাধ্যক্ষ সঞ্জয় গুপ্তাই কয়, “ৰাজ্যজুৰি সকলো সমুদায়লৈ ডিজিটেল পদ্ধী আৰু প্ৰযুক্তিৰ সুবিধাসমূহ কঢ়িয়াই অনাত আৰু ইয়াৰ প্ৰযুক্তি চালিত সামগ্ৰিক বিকাশত সহায় কৰাৰ ক্ষেত্ৰত এই এম অ’ ইউ হৈছে অসম চৰকাৰৰ সৈতে আমাৰ দীৰ্ঘদিনীয়া সহযোগিতাৰ আন এক পদক্ষেপ। শ্ৰেণীকোঠাসমূহত চিন্তাশীলভাৱে ডিজিটেল প্ৰযুক্তি সংযোগ, পৰৱৰ্তী প্ৰজন্মৰ বাবে শিক্ষাৰ আধুনিকীকৰণ লগতে শিশুসকলে যাতে ইন্টাৰনেটৰ সুফল লাভ কৰিব পাৰে তাৰ বাবে অনলাইন সুৰক্ষা সম্পৰ্কে সজাগতা গঢ়ি তোলাৰ বাবে অসম চৰকাৰৰ শেহতীয়া প্ৰচেষ্টাত আমি সহযোগিতা আগবঢ়াবলৈ পাই যথেষ্ট সুখী হৈছোঁ। শিশু আৰু যুৱচামৰ বাবে ডিজিটেল গ্ৰহণযোগ্যতা ত্বৰান্বিত কৰি আৰু ইন্টাৰনেটৰ সঠিক মূল্যবোধৰ বিষয়ে অৱগত কৰি তেওঁলোকক বিকাশৰ দিশে অগ্ৰসৰ কৰাই আৰু ভাৰতৰ ক্ষিপ্ৰ গতিত বিকশিত ডিজিটেল অৰ্থনীতিত আগুৱাই যাবলৈ তেওঁলোকক অত্যাৱশ্যকীয় প্ৰশিক্ষণ আৰু দক্ষতা বিকাশৰ সুযোগেৰে সজ্জিত কৰাৰ ক্ষেত্ৰত আমি একেলগে কাম কৰি যোৱাৰ আশা কৰিছোঁ।“