পৰ্যটক সকলৰ বাবে সুখবৰ,যি সকলে ছিকিমলৈ ভ্ৰমণ কৰিবলৈ যোৱাৰ হেপাহ মনত পুহি ৰাখিছে তেওঁলোকে এটিয়াৰে পৰা যাব পাৰিব ছিকিম ভ্ৰমণ কৰিবলৈ। আজিৰে পৰা পৰ্যটকক ছিকিম ভ্ৰমণৰ অনুমতি দিছে চৰকাৰে।দেওবাৰে ছিকিম চৰকাৰে এই সন্দৰ্ভত নিৰ্দেশনা জাৰি কৰি পৰ্যটক সকলৰ বাবে কঢ়িয়াই আনিছে সুখৰ বতৰা। ক’ভিড ভেকচিনৰ দুটা পালি গ্ৰহণ কৰা পৰ্যটকক ছিকিম ভ্ৰমণৰ অনুমতি দিছে চৰকাৰে। ছিকিমৰ গৃহমন্ত্ৰণালয়ৰ তৰফৰ পৰা জাৰি কৰা এক চৰকাৰী নিৰ্দেশনাত প্ৰকাশ কৰা অনুসৰি, যিসকল পৰ্যটকে দুই পালি ক’ভিড টিকাকৰণ গ্ৰহণ কৰিছে সেইসকলে মেলি আৰু ৰাংপো তালাচী চকীয়েদি প্ৰৱেশ কৰিব পাৰিব।উল্লেখযোগ্য যে, ক’ভিডৰ সংক্ৰমণত এই বৰ্ষৰ মাৰ্চৰ মাহৰ পৰাই ছিকিম চৰকাৰে পৰ্যটকৰ প্ৰৱেশ বন্ধ কৰি ৰাখিছিল।