ভাল খবৰ। অসমৰ ১৯ খন জিলাৰ বাবে ৯৪৪ টা স্নাতক শিক্ষকৰ পদ সৃষ্টি হৈছে। মাধ্যমিক সঞ্চালকালয়ে সদৰি কৰিছে এই তথ্য। ইয়াৰ সহায়ত খালী থকা পদ পূৰণ কৰা হ’ব।গতিকে একাংশৰ বাবে ই আশাৰ ৰেঙণি কঢ়িয়াই আনিব।চাহ বাগিচা আদৰ্শ বিদ্যালয়ত থকা জিলাত সৃষ্টি এই পদসমূহ। তথ্য অনুসৰি ৰাজ্যৰ ১৯ খন জিলাত আছে ১১৮ খন চাহ বাগিচা আদৰ্শ বিদ্যালয়। গতিকে ইয়াতেই দিয়া হ’ব নিযুক্তি।বৰ্তমান সময়ত কৰ্মৰত শিক্ষকসকলক নিযুক্তি দিয়া হ’ব এই সমূহত। এই শিক্ষকসমূহে পূৰ্বতে কৰ্মৰত আছিল অন্য বিদ্যালয়ত।
