শেহতীয়াকৈ ৰাজনীতিৰ পৰা কিছু আঁতৰি পুনৰ অভিনয়ত মনোনিৱেশ কৰিছে স্মৃতি জুবিন ইৰাণীয়ে। ‘কিয়োঁকি সাস ভী কভী বহু থী২”ত অভিনয় কৰিছে স্মৃতিয়ে। এই ধাৰাবাহিকখনে সম্প্ৰচাৰৰ পাছতেই ব্যাপক সমাদৰ লাভ কৰিছে দৰ্শকৰ। ধাৰাবাহিকখনত স্মৃতিয়ে কিমান টকাৰ মাননি লাভ কৰে জানি আচৰিত হ’ব।ধাৰাবাহিকখনত স্মৃতি ইৰাণীক দেখা পায় উল্লাসিত হৈ পৰিছে তেওঁৰ অনুৰাগীসকল। প্ৰথম সপ্তাহত এই ধাৰাবাহিকখনে টিআৰপিৰ ক্ষেত্ৰত অনুপমা আৰু তাৰক মেহতা কা উল্টা চশমাৰ দৰে দুখন বহুসমাদৃত ধাৰাবাহিককো চেৰ পেলাই আগুৱাই গৈছে। ইয়াৰ লগে লগে স্মৃতি ইৰাণী হৈ পৰিছে টেলিভিচনৰ আটাইতকৈ দামী অভিনেত্ৰী।তথ্য অনুসৰি স্মৃতি ইৰাণীয়ে প্ৰতিটো খণ্ডৰ বাবে ১৪ লাখ টকাৰ মাননি লয়।
