কেবিনেট বৈঠকৰ অন্তত সংবাদমেল সম্বোধন কৰে মুখ্যমন্ত্ৰীয়ে। এই সংবাদমেলত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ঘোষণা কৰে সৰ্থেবাৰীৰ কাঁহ-পিতলৰ শিল্পীসলক বিত্তীয় সকাহ দিয়াৰ কথা।সৰ্থেবাৰীৰ কাঁহ শিল্পী সকলে আগতে GST দিব লগা হোৱা নাছিল, কিন্তু এতিয়া GST দিব লাগে। যিটো GST ৰাজ্যিক চৰকাৰৰ অংশ। এতিয়াৰে পৰা সৰ্থেবাৰীৰ কাঁহ শিল্পীসকলে আমাক জমা দিব আমি আমি উভতাই দিম।অৰ্থাৎ মুখ্যমন্ত্ৰীয়ে কয়, কাঁহ শিল্পী সকলে যি ৰাজ্যিক GST দিব লগা হৈছিল, সেয়া উভতাই দিয়া হ’ব। কেবিনেটত এই সিদ্ধান্ত গ্ৰহণ কৰি মুখ্যমন্ত্ৰীয়ে কয়, ইয়াৰ ফলত কাঁহ শিল্পীসকল লাভান্বিত হ’ব।
