ৰাজ্যৰ চৰকাৰী কৰ্মচাৰীসকলৰ বাবে এক বেয়া খবৰ

72

ৰাজ্যৰ চৰকাৰী কৰ্মচাৰীসকলৰ বাবে এক বেয়া খবৰ। কিয়নো বাতিল হৈছে সকলো ৰাজ্যিক কৰ্মচাৰীৰ ছুটী। ৰাজ্যত পঞ্চায়ত নিৰ্বাচন সম্পন্ন নোহোৱা পৰ্যন্ত এই নিৰ্দেশনা বাহাল থাকিব।ইয়াৰ বাবে ৰাজ্যৰ প্ৰতিখন জিলাৰ জিলা আয়ুক্তলৈ নিৰ্দেশনা জাৰি লগতে প্ৰতিখন সম-জিলাৰ উপ-আয়ুক্তলৈও নিৰ্দেশনা জাৰি কৰা হৈছে। নিৰ্দেশনা অনুসৰি পঞ্চায়ত নিৰ্বাচন সম্পন্ন নোহোৱা পৰ্যন্ত ৰাজ্যত সকলো চৰকাৰী কৰ্মচাৰীৰ ছুটী বাতিল কৰা হৈছে। এই সময়চোৱাত বন্ধ থাকিব ৰাজ্যিক কৰ্মচাৰীৰ নৈমিত্তিক ছুটীও।