ৰাজ্যবাসীৰ বাবে এক ভাল খবৰ

4

ৰাজ্যবাসীৰ বাবে এক ভাল খবৰ। ছত্তীশগড়ৰ আগশাৰীৰ বিশ্ববিদ্যালয়ত প্ৰতিষ্ঠা হ’ব মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ আসন।

ৰাজ্যপাল ৰমেন ডেকাই জনাই এই কথা।ৰায়পুৰস্থিত পণ্ডিত ৰবিশংকৰ শুক্লা বিশ্ববিদ্যালয়ত মহাপুৰুষ শংকৰদেৱ গুৰুজনাৰ নামত এখন আসন প্ৰতিষ্ঠা কৰাৰ ঘোষণা কৰা হৈছে।এই পদক্ষেপৰ বাবে বাজেট ধাৰ্য কৰা হৈছে ২ কোটি টকা।

ডেকাৰ এই পদক্ষেপৰ বাবে অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই তেওঁক কৃতজ্ঞতা জনাই কয় যে,মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ গুৰুজনাৰ সংস্কৃতিৰ প্ৰসাৰৰ ক্ষেত্ৰত এয়া এক উল্লেখনীয় বতৰা৷ দেশৰ প্ৰেক্ষাপটত পঞ্জাৱ বিশ্ববিদ্যালয়, জৱাহৰলাল নেহৰু বিশ্ববিদ্যালয়ৰ পাছত ৰায়পুৰৰ পণ্ডিত ৰবিশংকৰ শুক্লা বিশ্ববিদ্যালয়ত শ্ৰীমন্ত শংকৰদেৱ আসন প্ৰতিষ্ঠাৰ পদক্ষেপটিৰ বাবে ছত্তীশগড়ৰ মাননীয় ৰাজ্যপাল শ্ৰীৰমেন ডেকা ডাঙৰীয়া প্ৰমুখ্যে ছত্তীশগড় চৰকাৰলৈ অসমবাসীৰ হৈ কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ৷