ক’ভিড ১৯ পৰিস্থিতিৰ মাজতে অসমত সোণৰ মূল্য কিমান?

147
MARKETS-PRECIOUS/

ক’ভিড ১৯ৰ পৰিস্থিতিৰ মাজতে সৰ্বকালৰ অভিলেখ ভংগ কৰিলে সোণৰ মূল্যই। অসমত বুধবাৰৰ দিনটোত ২৪ কেৰেটৰ ১০ গ্ৰাম সোণৰ মূল্য জিএছটি সহ হ’লগৈ ৫১,৮৬০ টকা। জি এছ টি বাদ দি এই মূল্য হ’ল ৫০,৩৫০ টকা । জি এছ টি সহ ২২ কেৰেটৰ ১০ গ্ৰাম সোণৰ মূল্য হ’লগৈ ৫০,৩০৫ টকা। ১৮ কেৰেটৰ ১০ গ্ৰাম সোণৰ মূল্য হ’লগৈ ৪৫,১২০ টকা। একেদৰে ১৪ কেৰেটৰ ১০ গ্ৰাম সোণৰ মূল্য জি এছ টি সহ হ’লগৈ ৩৪,৬৫০ টকা ।

ইণ্ডিয়ান বুলিয়েন জুৱেলাৰ্ছ এচোছিয়েছন লিমিটেডৰ অসম শাখাৰ সভাপতি প্ৰদীপ চৰকাৰে এনেদৰে কয় , “সোণৰ দাম প্ৰতি বছৰে ৮-৯ শতাংশ বৃদ্ধি পাই আহিছে । কিন্তু শেহতীয়াকৈ বিশ্বৰ বহু দেশে তেওঁলোকৰ গল্ড ৰিজাৰ্ভ বঢ়াবলৈ সোণ ক্ৰয় কৰিছে । আৰু সেই বাবেই সোণৰ মূল্য বৃদ্ধি পাইছে অভাৱনীয় ভাৱে । এই ধাৰা অব্যাহত থাকিলে এই বছৰতে সোণৰ মূল্যই ৬০ হাজাৰ টকা অতিক্ৰম কৰাৰ পূৰ্ণ সম্ভাৱনা আছে।”।

তেওঁলোকে আশংকা কৰা মতে সোণৰ মূল্য আৰু বৃদ্ধি পাব আৰু ই ৬০হাজাৰ টকাৰ ঘৰ অতিক্ৰম কৰিব । সোণৰ এই অভাৱনীয় মূল্যবৃদ্ধিয়ে বিয়াৰ পৰিকল্পনা কৰা লোকসকলক কিছু চিন্তাত পেলোৱাৰ লগতে সোণত বিনিয়োগ কৰা লোকসকলক উৎসাহী কৰি তুলিছে।