চেমচাঙৰ ‘ছলভ ফৰ টুমৰু’ ২০২৪ৰ ছেমি ফাইনেলিষ্টলৈ নিৰ্বাচিত গোলাঘাট দল

136

গোলাঘাটৰ দল ‘ইকো টেক ইন’ভেটৰ’ক চেমচাং ইণ্ডিয়াৰ সন্মানীয় চিএছআৰ প্ৰয়াস ‘ছলভ ফৰ টুমৰু’ ২০২৪ৰ শীৰ্ষ ২০ জন ছেমি ফাইনেলিষ্টৰ ভিতৰত তালিকাভুক্ত কৰা হৈছে। ভাৰতৰ ১২খন ৰাজ্য আৰু ২খন কেন্দ্ৰীয় শাসিত অঞ্চলৰ শিক্ষাৰ্থীৰ অভিনৱ ধাৰণাসমূহক লৈ আয়োজিত এই বছৰৰ প্ৰতিযোগিতাখনে সামূহিক প্ৰত্যাহ্বান আৰু পাৰিপাৰ্শ্বিক বহনক্ষমতাৰ মোকাবিলা কৰিব পৰা উদ্ভাৱনী সমাধানসমূহ উদযাপন কৰিছে।

চেমচাঙৰ ‘ছলভ ফৰ টুমৰু’ প্ৰতিযোগিতাই বিভিন্ন ধৰণৰ অভিনৱ ধাৰণাসমূহক উজ্বল কৰি তুলিছে, শীৰ্ষ ২০টা দলৰ ২৫% দলে জল সংৰক্ষণ আৰু প্ৰদূষণ নিয়ন্ত্ৰণৰ ওপৰত গুৰুত্ব আৰোপ কৰিছে আৰু অন্যান্য ২০% প্ৰতিয়োগীয়ে ডিজিটেল সাক্ষৰতাৰ ব্যৱধানক লক্ষ্য কৰি লৈছে। উল্লেখযোগ্য দিশটো হৈছে, এইবাৰৰ প্ৰতিযোগিতাত মণিপুৰৰ ইম্ফল আৰু মেঘালয়ৰ পূব খাছি পাহাৰকে ধৰি বহু দুৰ্গম অঞ্চলৰ প্ৰতিযোগীয়েও অংশ লৈছিল, যিয়ে এই প্ৰতিযোগিতাৰ বৰ্ধিত জনপ্ৰিয়তা আৰু অন্তৰ্ভুক্তি প্ৰদৰ্শন কৰিছে।

ছেমি ফাইনেলিষ্টসকলে আইআইটি দিল্লীত অনুষ্ঠিত ৰাষ্ট্ৰীয় অনুষ্ঠানত নিজৰ ধাৰণা দাঙি ধৰাৰ পূৰ্বে চেমচাঙৰ কাৰ্যালয় আৰু আৰ এণ্ড ডি চেণ্টাৰত ইন’ভেচন ৱাকত অংশগ্ৰহণ কৰিব। স্কুল আৰু যুৱ ট্ৰেকত বিজয়ীসমূহে নিজৰ নিজৰ প্ৰ’ট’টাইপ বিকাশত সহায় কৰিবলৈ আৰু এই প্ৰকল্পসমূহ আগুৱাই নিবলৈ উল্লেখযোগ্য অনুদান আৰু চেমচাঙৰ বিবিধ সামগ্ৰী লাভ কৰিব। চেমচাঙৰ দক্ষিণ-পশ্চিম এছিয়াৰ কৰ্পোৰেট বিভাগৰ উপাধ্যক্ষ এছ পি চুনে আঞ্চলিক প্ৰতিভাক গুৰুত্ব আৰোপ কৰা এই কাৰ্যসূচীৰ ভূয়সী প্ৰশংসা কৰিছে, আনহাতে আইআইটি-দিল্লীৰ অধ্যাপক প্ৰীতি ৰঞ্জন পাণ্ডাই উদ্ভাৱনী ধাৰণাসমূহৰ সম্ভাব্য প্ৰভাৱক লৈ যথেষ্ট উৎসাহ প্ৰকাশ কৰিছে।