গড্ৰেজ প্ৰফেচনেলে মুকলি কৰিলে নিজৰ শেহতীয়া চমৎকাৰ সংগ্ৰহ

134

গড্ৰেজ কনজিউমাৰ প্ৰডাক্টছ লিমিটেড(জিচিপিএল)ৰ অধীনত চুলিৰ যতন, ৰং, ষ্টাইল আৰু কেৰাটিনযুক্ত সামগ্ৰীৰে পেছাদাৰী চুলিৰ যতন লোৱা ব্ৰেণ্ড গড্ৰেজ প্ৰফেচনেলে বিশ্বৰ আটাইতকৈ আকৰ্ষণীয় নান্দনিক ৰূপসমূহৰ পৰা অনুপ্ৰাণিত হৈ ভাৰতৰ প্ৰথমটো চুলিৰ ৰঙৰ ৰেঞ্জ চমৎকাৰ সংগ্ৰহসমূহ মুকলি কৰিছে। এই উদ্ভাৱনীমূলক ৰেঞ্জত গড্ৰেজ প্ৰফেচনেলৰ ৰাষ্ট্ৰীয় কাৰিকৰী মুৰব্বী শৈলেশ মুলিয়া আৰু গড্ৰেজ প্ৰফেচনেলৰ সৃষ্টিশীল বিভাগৰ সঞ্চালক য়ান্নি ছাপাতৰিৰ উদ্যোগত প্ৰস্তুত কৰা আকৰ্ষণীয় শ্বেডসমূহ সন্নিৱিষ্ট কৰা হৈছে, যিয়ে প্ৰকৃতিৰ পেলেটৰ সাৰমৰ্মক মূৰ্ত কৰি তুলিছে আৰু প্ৰাকৃতিক সৌন্দৰ্যই ব্যক্তিগত শৈলী কেনেকৈ উন্নীত কৰিব পাৰে তাৰ ওপৰত এক সতেজ দৃষ্টিভংগী আগবঢ়াইছে। এই ছাৰিয়েল কলেকচনৰ প্ৰতিটো ৰূপক আইকনিক দৃশ্যপটত জীৱন্ত কৰি তুলিবলৈ নিখুঁতভাৱে প্ৰস্তুত কৰা হৈছে, যাৰ ফলত ব্যৱহাৰকাৰীসকলে চুলিৰ জৰিয়তে পৃথিৱীৰ সৌন্দৰ্য অনুভৱ কৰিব পাৰে।

শৈলেশ মুলিয়াই নিজৰ অনুভৱ ব্যক্ত কৰি কয় যে, “প্ৰকৃতিৰ শ্বাসৰুদ্ধকাৰী বিচিত্ৰ ৰংসমূহৰ দ্বাৰা অনুপ্ৰাণিত হৈ বাস্তৱিক বাচকবনীয়া সংগ্ৰহৰ জৰিয়তে ভাৰতীয় ছালৰ সৈতে নিখুঁতভাৱে সামঞ্জস্য স্থাপন কৰা ৰূপ প্ৰদান কৰে, যিয়ে প্ৰতিটো ষ্ট্ৰেণ্ডত সাংস্কৃতিক জীৱন্ততাক মূৰ্ত কৰি তোলে। অত্যাধুনিক প্ৰযুক্তি ব্যৱহাৰ কৰি এই ৰংবোৰে কেৱল আকৰ্ষণীয় নান্দনিকতা প্ৰদান কৰাই নহয়, লগতে চুলিৰ স্বাস্থ্য আৰু জীৱনীশক্তিকো অগ্ৰাধিকাৰ প্ৰদান কৰে।”

এতিয়া দেশজুৰি চেলুনসমূহত উপলব্ধ আকৰ্ষণীয় সংগ্ৰহসমূহ, যাৰ ফলত আপুনি এই চমৎকাৰ শ্বেডসমূহ প্ৰত্যক্ষভাৱে অনুভৱ কৰিব পাৰিব। প্ৰকৃতিৰ সৌন্দৰ্যক আঁকোৱালি লওক আৰু আপোনাৰ অনন্য ষ্টাইলসমূহক প্ৰকৃতাৰ্থত প্ৰতিফলিত কৰা চুলিৰে ফেষ্টিভ ছিজনত খোজ থওঁক। গড্ৰেজ প্ৰফেচনেলৰ মনোৰম ৰূপ প্ৰদান কৰা এই সংকলনত আছে-মফি মাৰ্ভেল হেয়াৰ কালাৰ (ব্ৰাউন ৰঙী চুলিৰ ৰং), টেঞ্জাৰিন ড্ৰিম হেয়াৰ কালাৰ (কপাৰ হেয়াৰ কালাৰ), ৰ’জলেট ব্লিছ হেয়াৰ কালাৰ (ৰঙা ৰং) আৰু মুনলাইট মিষ্ট হেয়াৰ কালাৰ (এছ হেয়াৰ কালাৰ) ইত্যাদি।