গড্ৰেজ কনজিউমাৰ প্ৰডাক্টছ লিমিটেড(জিচিপিএল)ৰ অধীনৰ আগশাৰীৰ ব্ৰেণ্ড গড্ৰেজ প্ৰফেচনেলে ভাৰতৰ হেয়াৰ ষ্টাইল খণ্ডৰ সৃষ্টিশীলতা প্ৰদৰ্শনৰ বাবে আয়োজন কৰিছে প্লেটফৰ্ম গড্ৰেজ প্ৰফেচনেল স্পটলাইট। বিউটি এণ্ড ৱেলনেছ ছেক্টৰ স্কিল কাউন্সিল (বি এণ্ড ডব্লিউএছএছচি)ৰ সৈতে অংশীদাৰিত্ব কৰি আয়োজন কৰা এই পদক্ষেপৰ লক্ষ্য হৈছে ৩০ জন তালিকাভুক্ত হেয়াৰ ষ্টাইলিষ্টক একেখন মঞ্চলৈ আনি দক্ষতা বৃদ্ধিৰ লগতে বিজয়ীসকলক ৫ লাখ টকাৰ পুৰস্কাৰ প্ৰদান কৰা।
ডিচেম্বৰ মাহত মুম্বাইত অনুষ্ঠিত হ’বলগীয়া এই গ্ৰেণ্ড ফিনালেত চেলিব্ৰিটি ষ্টাইলিষ্ট য়ানি ছাপাট’ৰিকে ধৰি সৌন্দৰ্য ক্ষেত্ৰখনৰ আইকনসকলে বিচাৰ কৰিব লগা এক কিউৰেটেড হেয়াৰ শ্ব’ অনুষ্ঠিত হ’ব। প্ৰথম, দ্বিতীয় আৰু তৃতীয় স্থান লাভ কৰাসকলে ক্ৰমে ৫ লাখ, ২.৫ লাখ, আৰু ১.৫ লাখ টকাৰ লগতে উন্নত প্ৰশিক্ষণ আৰু চেলিব্ৰিটিসকলৰ সহযোগিতাও লাভ কৰিব।
সমগ্ৰ উঃ-পূৰ্বাঞ্চলতে চেলুন তথা সৌন্দৰ্য চৰ্চা উদ্যোগটোৱে গ্ৰাহকৰ বৰ্ধিত আকাংক্ষাৰ সৈতে সম্প্ৰসাৰিত হৈছে, এনে পদক্ষেপবোৰ পৰিৱৰ্তনশীল হ’ ব পাৰে। ‘স্পটলাইটৰ দৰে পদক্ষেপসমূহে ষ্টাইলিষ্টসকলক নিজৰ নিজৰ দক্ষতা বৃদ্ধি কৰাৰ সুযোগ প্ৰদান কৰিছে আৰু অঞ্চলটোৰ প্ৰিমিয়াম চুলিৰ যতন তথা সেৱাৰ বৰ্ধিত চাহিদা পূৰণ কৰিব”, গুৱাহাটীস্থিত এগৰাকী চেলুনৰ স্বত্ত্বাধিকাৰীয়ে এইদৰে উল্লেখ কৰে। জিচিপিএলৰ জেনেৰেল মেনেজাৰ অভিনৱ গান্ধীয়ে এই পদক্ষেপৰ সামগ্ৰিকতাৰ ওপৰত আলোকপাত কৰে, যি বিশেষভাৱে সক্ষম ষ্টাইলিষ্টসকলৰ অংশগ্ৰহণক উৎসাহিত কৰে। বি এণ্ড ডব্লিউএছএছচিৰ মুখ্য কাৰ্যবাহী বিষয়া মনিকা বেহেলে সৌন্দৰ্য খণ্ডত পেছাদাৰিত্ব আগবঢ়োৱাত এই পদক্ষেপৰ ভূমিকাৰ ওপৰত গুৰুত্ব আৰোপ কৰে।