গোদ্ৰেজ ল’ফেয়াৰে দেৱালীত তেওঁলোকৰ #CelebratingAcceptance প্ৰচাৰ সম্প্ৰসাৰিত কৰে

214

পোহৰৰ চাকিগছিৰ উষ্ণ আলোকৰ পৰা আৰম্ভ কৰি উৎসৱমুখৰ খাদ্যৰ সুগন্ধিলৈকে দীপাৱলী হৈছে হৃদয় আৰু পৰম্পৰাক স্নেহবন্ধনেৰে সামৰি ৰখা প্ৰেম, পোহৰ আৰু একত্ৰিত হৈ উদযাপন কৰা উত্সৱ। গড্ৰেজ ইণ্ডাষ্ট্ৰীজ গ্ৰুপ(জিআইজি)ৰ অভিজ্ঞতাভিত্তিক মালিকানাধীন মিডিয়া লাইফষ্টাইল প্লেটফৰ্ম গড্ৰেজ ল’ফেয়াৰে দীপাৱলীক লৈ #CelebratingAcceptance অভিযান অব্যাহত ৰাখি প্ৰেম আৰু সম্পৰ্কৰ আন্তৰিক সম্পৰ্কক উদযাপন কৰিছে। এই বিজ্ঞাপন ছবিখনৰ লক্ষ্য হৈছে সমলিংগ দম্পতীৰ আৱেগিক যাত্ৰাক চিত্ৰায়িত কৰি এই সম্পৰ্কে গ্ৰহণযোগ্যতা আৰু সমতাৰ প্ৰকৃত অৰ্থ প্ৰদৰ্শন কৰা। আজিৰ তাৰিখতো পৃথিৱীত অব্যাহত থকা কু-সংস্কাৰ আৰু পক্ষপাতিত্ব নোহোৱা কৰি এখন সেউজী ধৰণীৰ কল্পনা কৰিছে আৰু এইখন পৃথিৱীত গড্ৰেজ ল’ফেয়াৰে এই পক্ষপাতিত্বমূলক আচৰণসমূহক মুকলি প্ৰত্যাহ্বান জনাব বিচাৰে।

চুবুৰীয়া খুৰীৰ সৈতে কিশোৰ শ্লোকৰ বাৰ্তালাপৰ এই কাহিনীটো চাৰিওফালে কেন্দ্ৰীভূত হৈছে, যি কাহিনীয়ে প্ৰেম আৰু পৰিয়ালৰ বুজাবুজিত সহায় কৰে। গড্ৰেজ ইণ্ডাষ্ট্ৰীজ গ্ৰুপৰ কৰ্প’ৰেট ব্ৰেণ্ড তথা কমিউনিকেচন বিভাগৰ মুখ্য যোগাযোগ বিষয়া সুজিত পাটিলে এই বিষয়ে নিজৰ অভিমত প্ৰকাশ কৰি কয় যে, “ভাৰতীয় লোকৰ মাজত উৎসৱৰ পৰম্পৰা গভীৰভাৱে প্ৰোথিত হৈ আছে। এই ফিল্মখনৰ সৈতে গড্ৰেজ ল’ফেয়াৰে পৰম্পৰাগত নিয়মবোৰ আৰু অধিক বিস্তৃত কৰাৰ বিষয়ে কথোপকথনৰ জৰিয়তে নতুন মাত্ৰা প্ৰদানৰ প্ৰয়াস ৰাখিছে। চিৰাচৰিত নিয়মবোৰ নেওচি চাৰিওফালে প্ৰেমৰ জৰিয়তে অৰ্থপূৰ্ণ কথোপকথন ৰচনা কৰিব বুলি আশা কৰিছোঁ।”

এই দেৱালীত গড্ৰেজ ল’ফেয়াৰৰ সৈতে এনে এখন সমাজ গঢ়ি তোলাৰ দিশত এক গুৰুত্বপূৰ্ণ পদক্ষেপ গ্ৰহণ কৰক, য’ত প্ৰেম-ভালপোৱাৰ কোনো সীমা নাই আৰু য’ত স্নেহাশিস-শুভকামনাৰে সম্পৰ্কবোৰ জীপাল হৈ পৰে।