গড্ৰেজ ইণ্ডাষ্ট্ৰীজ গ্ৰুপে দ্য গ্লবেল চেণ্টাৰ ফৰ হেল্থী ৱৰ্কপ্লেছ (জিচিএইচডব্লিউ) আৰু আৰোগ্য ৱৰ্ল্ডৰ সহযোগত ২০২৫ চনৰ ২০–২১ নৱেম্বৰত মুম্বাইৰ গড্ৰেজ ৱানত গ্লবেল ছামিট ২০২৫ আৰু চতুৰ্দশ বাৰ্ষিক স্বাস্থ্যকৰ কৰ্মক্ষেত্ৰ সন্মিলন আয়োজন কৰিব। “কৰ্মক্ষেত্ৰত স্বাস্থ্য ২০৩০: ভৱিষ্যতক ন ৰূপত সংজ্ঞায়িত কৰা, সুস্থতাৰ পৰা সজীৱতালৈ” শীৰ্ষক সন্মিলনত কৰ্মক্ষেত্ৰৰ বাবে স্বাস্থ্য-প্ৰথম ভৱিষ্যত গঢ়ি তুলিবলৈ বিশ্বৰ নেতৃত্ব, স্বাস্থ্য বিশেষজ্ঞ আৰু কৰ্পৰেট পৰিৱৰ্তনকাৰীসকলক আহ্বান জনোৱা হ’ব। নতুন যুগৰ প্ৰযুক্তি, জনগাঁথনিগত পৰিৱৰ্তন আৰু বিকশিত কৰ্মচাৰীৰ আশাৰ দ্বাৰা পৰিচালিত কৰ্ম জগতখনে দ্ৰুত পৰিৱৰ্তনৰ সন্মুখীন হোৱাৰ লগে লগে কৰ্মক্ষেত্ৰত সুস্থতা এক কৌশলগত ব্যৱসায়িক অগ্ৰাধিকাৰত পৰিণত হৈছে। এই সন্মিলনত কৌশল হিচাপে সামগ্ৰিক কল্যাণ, মানসিক স্বাস্থ্য সমতা আৰু অন্তৰ্ভুক্তি, এআইৰ দ্বাৰা চালিত ভৱিষ্যদ্বাণীমূলক স্বাস্থ্য, সহানুভূতিশীল নেতৃত্ব আৰু ইএছজি-সংলগ্ন সফলতাৰ পৰিমাপসমূহৰ ওপৰত গুৰুত্ব আৰোপ কৰা হ’ব – এই সকলোবোৰেই সমৃদ্ধিশালী, স্থিতিস্থাপক সংস্থা গঢ়ি তোলাৰ বাবে গুৰুত্বপূৰ্ণ।
গড্ৰেজ ইণ্ডাষ্ট্ৰীজ গ্ৰুপৰ কৰ্পৰেট সেৱাৰ গ্ৰুপ হেড অজয় ভাটে এই বিষয়ে কয় যে, “এই শীৰ্ষ সন্মিলনৰ জৰিয়তে আমি কাৰ্যকৰী অনুপ্ৰাণিত কৰাৰ লক্ষ্য ৰাখিছোঁ, যিয়ে সমৃদ্ধিশালী, স্থিতিস্থাপক দল সৃষ্টি কৰাৰ লগতে কৰ্মক্ষেত্ৰৰ স্বাস্থ্যৰ বাবে নতুন বিশ্বব্যাপী মানদণ্ড নিৰ্ধাৰণ কৰে।” দুদিনীয়া অনুষ্ঠানত গড্ৰেজ ইণ্ডাষ্ট্ৰীজ গ্ৰুপৰ ড০ ৰতি গড্ৰেজে মূল ভাষণ প্ৰদান কৰিব, তেখেতে “হোৱেৰ লিডাৰশ্বিপ, টেকনলজী এণ্ড এম্পেথী মিট “শীৰ্ষক বিষয়ত ভাষণ প্ৰদান কৰিব আৰু এই অনুষ্ঠানত গড্ৰেজ ইণ্ডাষ্ট্ৰীজৰ চিএইচআৰঅ’ সুমিত মিত্ৰৰ লগতে টাটা এডভান্সড চিষ্টেমছৰ অধ্যক্ষ বনমালী আগৰৱালাও থাকিব। আইকেআইজিএআই-ৰ লেখক, বিশ্বৰ চিন্তাবিদ হেক্টৰ গাৰ্চিয়াই কৰ্মচাৰীৰ স্বাস্থ্য আৰু সুখদায়ক বা ইতিবাচক পৰিৱেশৰ চালকসকলৰ ওপৰত অন্তৰ্দৃষ্টি ভাগ-বতৰা কৰিব। গ্লবেল চেণ্টাৰ ফৰ হেল্থী ৱৰ্কপ্লেচছৰ বিপণন আৰু যোগাযোগ সঞ্চালক বেৰী ক্ৰিছপে এই বিষয়ে কয় যে,” মুম্বাইৰ গড্ৰেজ ইণ্ডাষ্ট্ৰীজ গ্ৰুপ আৰু আৰোগ্য ৱৰ্ল্ডৰ সৈতে আমাৰ সহযোগিতা হৈছে এক শক্তিশালী প্ৰদৰ্শন যে ‘সুস্বাস্থ্য হৈছে সু ব্যৱসায়’ আৰু কৰ্মৰ ভৱিষ্যত স্বাস্থ্য-প্ৰথম হ’ব লাগিব।”
আৰোগ্য ৱৰ্ল্ডৰ প্ৰগ্ৰেম শাখাৰ মুৰব্বী শ্ৰাৱণী বেনাৰ্জীয়ে এই বিষয়ে কয় যে, “আমি আমাৰ কৌশলগত অংশীদাৰ গড্ৰেজ ইণ্ডাষ্ট্ৰীজ আৰু গ্লবেল চেণ্টাৰ ফৰ হেল্থী ৱৰ্কপ্লেচছক এই অনুষ্ঠানটো সফল ৰূপে গঢ়ি তোলাত ব্যাপক সমৰ্থন আগবঢ়োৱাৰ বাবে ধন্যবাদ।” এই সন্মিলনত কৰ্মচাৰীৰ সুস্থতাৰ ক্ষেত্ৰত মানদণ্ড স্থাপন কৰা সংস্থাসমূহক স্বীকৃতি প্ৰদান কৰি গ্লবেল হেল্থী ৱৰ্কপ্লেছ এৱাৰ্ড আয়োজন কৰা হ’ব আৰু সামূহিক স্বাস্থ্যৰ প্ৰচাৰৰ বাবে এক অগ্ৰণী পদক্ষেপ আৰোগ্য চিটি মুম্বাই মুকলি কৰাৰ কথা ঘোষণা কৰা হ’ব।
