কৌশলগত সম্প্ৰসাৰণৰ জৰিয়তে গড্ৰেজ টাইচন ফুডছৰ সম্পূৰ্ণ নিয়ন্ত্ৰণ লাভ গড্ৰেজ এগ্ৰ’ভেটৰ

114

ভাৰতৰ অন্যতম আগশাৰীৰ খাদ্য আৰু কৃষি-ব্যৱসায়িক গ্ৰুপ গড্ৰেজ এগ্ৰ’ভেট লিমিটেডে (জিএভিএল) টাইচন ফুডছ, ইনক-ৰ সহযোগী প্ৰতিষ্ঠান টাইচন ইণ্ডিয়া হল্ডিংছ লিমিটেডৰ গড্ৰেজ টাইচন ফুডছ লিমিটেড(জিটিএফএল)ৰ বাকী ৪৯% অংশ অধিগ্ৰহণ কৰাৰ বাবে এক গুৰুত্বপূৰ্ণ কৌশলগত পদক্ষেপ হাতত লোৱাৰ কথা আনুষ্ঠানিকভাৱে প্ৰকাশ কৰিছে। এই অধিগ্ৰহণে জিটিএফএলত জিএভিএলৰ অংশীদাৰিত্ব ৫১%ৰ পৰা ১০০%লৈ বৃদ্ধি কৰিব, যাৰ ফলত মূৰ্গী আৰু প্ৰচেছড ফুডছ ছেক্টৰ(সংসাধিত খাদ্য)ত নিজৰ উপস্থিতি আৰু অধিক সুদৃঢ় হ’ব।

২০০৮ চনত জিএভিএল আৰু টাইচন ফুডছৰ মাজত এক যৌথ উদ্যোগ হিচাপে প্ৰতিষ্ঠা কৰা জিএভিএল বিভিন্ন সংসাধিত কুকুৰাৰ সামগ্ৰী আৰু জীৱিত মূৰ্গীৰ বাবে জনাজাত, যাক ‘ৰিয়েল গুড চিকেন’ আৰু ‘য়াম্মীজ’ ব্ৰেণ্ডৰ অধীনত দেশজুৰি বিক্ৰী কৰা হয়। কোম্পানীটো বি২চি আৰু বি২বি দুয়োটা শাখাতে এক গুৰুত্বপূৰ্ণ প্ৰতিষ্ঠানলৈ পৰিণত হৈছে, ইতিমধ্যে প্ৰধান হোটেল শৃংখল আৰু দ্ৰুত-সেৱা ৰেষ্টোৰাঁবোৰলৈ সংসাধিত মুৰ্গীৰ যোগান ধৰি আহিছে আৰু দৈনিক নিজৰ ৰপ্তানি পদচিহ্ন সম্প্ৰসাৰিত কৰি আছে।

গড্ৰেজ এগ্ৰ’ভেটৰ পৰিচালন সঞ্চালক বলৰাম সিং যাদৱে টাইছন ফুডছৰ সৈতে অংশীদাৰিত্বৰ সফলতাৰ ওপৰত আলোকপাত কৰি উন্নত হাঁহ-কুকুৰা সংসাধন সামৰ্থ্যক একত্ৰিত কৰাৰ সুবিধাসমূহৰ ওপৰত গুৰুত্ব আৰোপ কৰিছে। যাদৱে আঙুলিয়াই দিয়ে যে ভাৰতত বৰ্তমান ঘৰুৱাভাৱে ফ্ৰ’জেন স্নেকছ(ফ্ৰীজত ৰখা খাদ্য)ৰ ব্যৱহাৰ ৬%ৰ তলত থকাৰ বাবে যথেষ্ট বৃদ্ধিৰ সম্ভাৱনা আছে। জিএভিএলৰ লক্ষ্য হৈছে এই সুযোগৰ সহায় লৈ নিজৰ পৰ্টফলিঅ’ শক্তিশালী কৰা আৰু বজাৰত প্ৰতিষ্ঠানটোৰ উপস্থিতি অধিক বৃদ্ধি কৰা।