ইণ্ডিয়া য়ুথ কাউন্সিলৰ শুভাৰম্ভণিৰ বাবে জেন গুডঅল ইনষ্টিটিউটক সমৰ্থন গড্ৰেজ ইণ্ডাষ্ট্ৰীজৰ

8

গড্ৰেজ ইণ্ডাষ্ট্ৰীজ গ্ৰুপে জেন গুডঅল ইনষ্টিটিউট (জেজিআই) ইণ্ডিয়াৰ সৈতে অংশীদাৰিত্ব কৰি যুৱ ৰূপান্তৰকাৰীসকলক সবলীকৰণৰ মঞ্চ য়ুথ কাউঞ্চিল প্ৰগ্ৰাম আৰম্ভ কৰিছে। জেজিআইৰ বিশ্বব্যাপী ৰুটছ এণ্ড শ্বুটছ আন্দোলনৰ অংশস্বৰূপ এই যুৱ পৰিষদৰ লক্ষ্য হৈছে পৰিৱেশ সুৰক্ষা, পশু কল্যাণ আৰু সামাজিক কাৰণসমূহক প্ৰসাৰিত কৰা সম্প্ৰদায়কেন্দ্ৰিক প্ৰকল্পসমূহক আগুৱাই নিবলৈ সহায় কৰা। এই উদ্বোধনী অনুষ্ঠানত গড্ৰেজ এগ্ৰ’ভেট লিমিটেডৰ কাৰ্যবাহী সঞ্চালক বুৰ্জিছ গড্ৰেজ আৰু বিশ্ববিখ্যাত প্ৰাইমেট’লজিষ্ট তথা নৃতত্ত্ববিদ ড০ জেন গুডঅল উপস্থিত থাকে। পৰিষদৰ পৰামৰ্শদাতা হিচাপে কাৰ্যনিৰ্বাহ কৰি থকা বুৰ্জিছ গড্ৰেজে এই পদক্ষেপৰ বিষয়ে নিজৰ উচ্ছাস প্ৰকাশ কৰি কয় যে, “এই যুৱ পৰিষদে পৰিৱেশ সুৰক্ষা, পশু কল্যাণক আগুৱাই নিয়া অথাবা ইতিবাচক পৰিৱৰ্তন অনা কাৰণবোৰক সমৰ্থন কৰা প্ৰতিটো কল্যাণকামী পদক্ষেপৰ বিপৰীতে ঠিয়ে দিয়ে। এই যুৱ নেতাসকলে কিদৰে আৰু কিমান সহানুভূতি আৰু প্ৰভাৱ পেলাব পাৰে  আমি তাৰ অপেক্ষা কৰিছোঁ।”

ড০ জেন গুডঅলে বিশ্বজনীন প্ৰত্যাহ্বানসমূহৰ সৈতে মোকাবিলা কৰাত যুৱক-যুৱতীসকলৰ গুৰুত্বপূৰ্ণ ভূমিকাৰ ওপৰত গুৰুত্ব আৰোপ কৰে। “যুৱ প্ৰজন্মই মোক আশাৰ কিৰণ যোগায়,” এইদৰে উল্লেখ কৰি তেওঁ কয় যে, “বন্ধুবৰ্গৰ সৈতে অনুসৰণ কৰিবলৈ এটা লক্ষ্য বাছি ল’লেও যুৱ প্ৰজন্মই এক দৃশ্যমান ৰূপত ইতিবাচক প্ৰভাৱ পেলাব পাৰে।”

ৰুটছ এণ্ড শ্বুটছৰ পৰামৰ্শদাতা ভেলেৰী মাস্কাৰেনহাছ আৰু বন্দনা পাণ্ডেক যুৱ-নেতৃত্বাধীন পদক্ষেপত নিজৰ দৃষ্টান্তমূলক প্ৰয়াসৰ বাবে সন্মানিত কৰা হৈছিল। পৰিষদে পৰৱৰ্তী প্ৰজন্মৰ সহানুভূতিশীল নেতাসকলক স্থায়ী পৰিৱৰ্তন আনিবলৈ অনুপ্ৰাণিত কৰিবলৈ সাজু হৈছে।