ভাৰতৰ প্ৰায় ৯৩% পৰিয়ালে দৈনিক ঘৰ চাফ-চিকুণ কৰাৰ পিছতো ৬৫% চহৰৰ ঘৰত পঁইতাচোৰাৰ উপস্থিতি অব্যাহত আছে, আধাতকৈ অধিক লোকে মধ্যমীয়াৰ পৰা উচ্চ আক্ৰমণৰ মাত্ৰাৰ কথা প্ৰকাশ কৰিছে। ক্ষতিকাৰক বেক্টেৰিয়া আৰু এলাৰ্জেনৰ বাহক বুলি জনাজাত পঁইতাচোৰাই শ্বাস-প্ৰশ্বাসজনিত সমস্যা আৰু খাদ্যজনিত ৰোগকে ধৰি স্বাস্থ্যজনিত যথেষ্ট বিপদৰ সৃষ্টি কৰিব পাৰে।
এই নিৰন্তৰ প্ৰত্যাহ্বানৰ মোকাবিলা কৰিবলৈ গড্ৰেজ কনজিউমাৰ প্ৰডাক্টছ লিমিটেড(জিচিপিএল)-এ নিজৰ ব্ৰেণ্ড গড্ৰেজ এইচআইটি-ৰ অধীনত এইচআইটি এণ্টি-ৰ’চ্চ জেল মুকলি কৰিছে, যি হৈছে সংপৃক্ত, সুলভ (৯৯ টকা) আৰু এই জেল পেক হৈছে বজাৰৰ আগশাৰীৰ ঘৰুৱা কীটনাশক পৰ্টফলিঅ’ত ফলপ্ৰসূ সংযোজন। এইচআইটি হৈছে ভাৰতীয় বজাৰৰ নেতৃস্থানীয় সংস্থাসমূহৰ ভিতৰত অন্যতম, যাক গ্ৰাহকসকলে পইতাচোঁৰাৰ সংক্ৰমণৰ মোকাবিলা কৰিবলৈ ব্যাপকভাৱে ব্যৱহাৰ কৰে। এইচআইটি এণ্টি-ৰ’চ্চ জেলৰ সফলতাৰ ওপৰত নিৰ্ভৰ কৰি জিচিপিএলে এইচআইটিৰ ফলপ্ৰসূতা বজাই ৰখা সৰু, অধিক খৰচ-বহনক্ষম ভিন্নতাৰ সৈতে অভিগম্যতা বৃদ্ধিৰ সুযোগ চিনাক্ত কৰিলে।
এই সামগ্ৰীৰ মুকলিৰ বিষয়ে সদৰি কৰি গড্ৰেজ কনজিউমাৰ প্ৰডাক্টছ লিমিটেড(জিচিপিএল)ৰ গৃহ যত্ন শাখাৰ বিপণন বিভাগৰ মুৰব্বী শিল্পা সুৰেশে কয় যে, “মহৰ দ্বাৰা সংক্ৰমিত ৰোগৰ ফলত হোৱা স্বাস্থ্যজনিত ভয়াৱহ বিপদৰ বিষয়ে আমি সদাসচেতন, যিবোৰ জনস্বাস্থ্যৰ এক বৃহৎ উদ্বেগ বুলি বিবেচিত হৈ আহিছে।” ভাৰতত জেল-ভিত্তিক পঁইতাচোৰা প্ৰতিৰোধী সামগ্ৰীৰ বজাৰ প্ৰায় ১০০ কোটি টকালৈ বৃদ্ধি পাইছে, বছৰৰ পিছত বছৰ ধৰি ২৫%তকৈ অধিক বৃদ্ধি দেখা গৈছে। এইচআইটি এণ্টি-ৰ’চ্চ জেল পেকৰ নতুন ভেৰিয়েণ্টে একে স্তৰৰ সুৰক্ষা প্ৰদান কৰে আৰু ইয়াৰ মূল্য ১৫ গ্ৰামৰ বাবে মাত্ৰ ৯৯ টকা।