নিজকে নিকা কৰি ৰখা ক্ষেত্ৰখনত বৈপ্লৱিক পৰিৱৰ্তন আনিবলৈ গড্ৰেজ কনজিউমাৰ প্ৰডাক্টছে মুকলি কৰিছে অভিনৱ চিন্থল ফেন বডীৱাশ্ব

139

গড্ৰেজ কনজিউমাৰ প্ৰডাক্টছ লিমিটেড(জিচিপিএল)-এ চিন্থল ফ’ম বডীৱাশ্ব মুকলি কৰি ভাৰতীয় বডীৱাশ্ব বজাৰত এক গুৰুত্বপূৰ্ণ সংযোজনৰ আৰম্ভণি কৰিছে। এই উদ্ভাৱনে প্ৰায় ৯০০ কোটি টকা মূল্যৰ বজাৰত ব্যক্তিগত যতন ক্ষেত্ৰক অভিনৱ ৰূপত তুলি ধৰিবলৈ সাজু হৈছে। পৰম্পৰাগত বডীৱাশ্বৰ বিপৰীতে চিন্থল ফ’ম বডীৱাশ্বত এক স্বয়ংক্ৰিয় ফ’মাৰ থাকে যিয়ে তাৎক্ষণিক ফ’ম সৃষ্টি কৰি লুফাৰ প্ৰয়োজনীয়তা নোহোৱা কৰে আৰু ধোৱা-পৰিষ্কৰণ প্ৰক্ৰিয়া সৰল কৰি তুলিছে।


জিচিপিএলৰ শেহতীয়া সামগ্ৰীয়ে বডীৱাশ্ব ব্যৱহাৰৰ ক্ষেত্ৰত থকা সাধাৰণ প্ৰত্যাহ্বানসমূহ নোহোৱা কৰিছে, য’ত আছে অধিক খৰচ আৰু বীজাণুৱে আশ্ৰয় ল’ব পৰা লুফা ব্যৱহাৰৰ অসুবিধাসমূহৰ সমিধান আগবঢ়োৱা হৈছে। মিণ্টেলৰ গৱেষণা অনুসৰি ৯০% ভাৰতীয় গ্ৰাহকৰ বাবে চাবোন এতিয়াও প্ৰধান পছন্দ, কিন্তু ইয়াৰ বিপৰীতে মাত্ৰ ৯% গ্ৰাহকেহে বডী ৱাশ্বৰ সামগ্ৰীসমূহ বাছি লৈছে। চিন্থল ফ’ম বডীৱাশ্বে এই ট্ৰেণ্ডটোক ৰূপান্তৰিত কৰাৰ বাবে পণ বান্ধি লৈছে, ইয়াৰ বাবে সহজে ধুব পৰা সমাধানসূত্ৰ আগবঢ়াইছে, যিয়ে এক চহকী, ফলপ্ৰসূ ফ’ম প্ৰদান কৰে। জিচিপিএল(ব্যক্তিগত যতন)ৰ বিপণন বিভাগৰ মুৰব্বী নীৰজ চেংগুট্টুভানে জোৰ দি কয় যে, “চিন্থল ফ’ম বডীৱাশ্বে বিলাসী, দৈনন্দিন গা ধোৱাৰ অভিজ্ঞতাৰ বাবে গ্ৰাহকৰ ক্ৰমবৰ্ধমান চাহিদা পূৰণ কৰি আহিছে। ইয়াৰ তৎক্ষণাত ফ’ম আৰু সমৃদ্ধ ফ’মে এক উচ্চ মানদণ্ডৰ প্ৰত্যক্ষ অভিজ্ঞতা প্ৰদান কৰে।”


অৰিজিনেল আৰু লাইম সুগন্ধত উপলব্ধ এই বডীৱাশ্ব প্ৰতিটো ২০০ মিলিলিটাৰৰ বটলত ১২০ টকাৰ সুলভ মূল্যত উপলব্ধ, বৰ্তমান দেশৰ সকলো অঞ্চলৰ গ্ৰাহকৰ বাবে উপলব্ধ। এই শুভাৰম্ভণি জিচিপিএলৰ ইন-হাউছ ষ্টুডিঅ’ লাইটবক্সে প্ৰস্তুত কৰা এটা সজীৱ টিভি বিজ্ঞাপনেৰে সকলো গ্ৰাহকৰ কাষলৈ লৈ যোৱা হৈছে। এই বিজ্ঞাপনটোত বান্দৰে ফেন উপভোগ কৰা এটা খুহুতীয়া পৰিৱেশ তুলি ধৰা হৈছে, যিয়ে সামগ্ৰীৰ ব্যৱহাৰৰ সহজতা আৰু আনন্দদায়ক দিশটোক উজ্জ্বল কৰি তুলিছে। এতিয়াও পৰম্পৰাগত চাবোনৰ ক্ষেত্ৰত আধিপত্য বিস্তাৰ কৰি থকা গুৱাহাটীত চিন্থল ফ’ম বডীৱাশ্বে আধুনিক, সুবিধাজনক গা ধোৱাৰ বিকল্প বিচৰা গ্ৰাহকক আকৰ্ষণ কৰিব বুলি আশা কৰা হৈছে। প্ৰতিযোগিতামূলক মূল্য আৰু অভিনৱ ফৰ্মেটৰ জৰিয়তে মুকলি কৰা এই নতুন সামগ্ৰীসমূহৰ লক্ষ্য হৈছে ৰূপান্তৰৰ বাবে সাজু বজাৰৰ এটা অংশক আকৰ্ষণ কৰা।