ভাৰতৰ অন্যতম আগশাৰীৰ বৈচিত্ৰ্যময় কৃষি-ব্যৱসায়িক প্ৰতিষ্ঠান গড্ৰেজ এগ্ৰ’ভেট লিমিটেডে কৃষক দিৱস ২০২৪ক লৈ এখন ব্ৰেণ্ড চলচ্চিত্ৰ মুকলি কৰিছে। #ছিডছঅৱগুডনেছ শীৰ্ষক এই চলচ্চিত্ৰখনে নিৰন্তৰ বিকশিত বতৰ আৰু কৃষি পৰিস্থিতিৰ মাজত আমাৰ দেশৰ কৃষকসকলৰ সৈতে হাতত হাত ধৰি আৰু কান্ধত কান্ধ মিলাই থিয় দিয়াৰ প্ৰতিশ্ৰুতিৰ কথা পুনৰাবৃত্তি কৰিছে। গড্ৰেজ ইণ্ডাষ্ট্ৰিজ গ্ৰুপৰ কৰ্পোৰেট ব্ৰেণ্ড এণ্ড কমিউনিকেশ্বন টীমৰ দ্বাৰা ক্ৰিয়েটিভলেণ্ড এছিয়াৰ আৰ্হি আৰু সম্পাদনৰে প্ৰস্তুত কৰা #ছিডছঅৱগুডনেছৰ জৰিয়তে গড্ৰেজ এগ্ৰ’ভেটে কৃষক পৰিয়ালসমূহৰ উন্নতিৰ বাবে গ্ৰহণ কৰা বিভিন্ন ক্ষেত্ৰীয় পদক্ষেপসমূহ প্ৰদৰ্শন কৰিছে। ভিডিঅ’টো চাওক: https://www.youtube.com/watch?v=cyVJEDAXO8k।
এই ফিল্মখনৰ বিষয়ে নিজৰ অভিমত ব্যক্ত কৰি গড্ৰেজ এগ্ৰ’ভেট লিমিটেডৰ পৰিচালন সঞ্চালক বলৰাম সিং যাদৱে কয় যে, “আজি বৰ্ধিত উষ্ণতা আৰু ঋতুভিত্তিক আৰু দীৰ্ঘদিনীয়া বৰষুণ বা অনাবৃষ্টিকে ধৰি অভাৱনীয় বতৰৰ ৰূপে ভাৰতীয় কৃষকসকলৰ উৎপাদন আৰু আয়ৰ ওপৰত প্ৰত্যক্ষ প্ৰভাৱ পেলায়—যিসমূহে আমাৰ দেশৰ খাদ্য যোগান ধৰে। ” ক্ৰিয়েটিভলেণ্ড এছিয়াৰ সহ-প্ৰতিষ্ঠাপক তথা ক্ৰিয়েটিভ উপাধ্যক্ষ অনু যোচেফে নিজৰ অনুভৱ ব্যক্ত কৰি কয় যে, “এই চলচ্চিত্ৰখন ভাৰতীয় কৃষকসকলৰ স্থিতিস্থাপকতা আৰু জলবায়ু পৰিৱৰ্তনৰ প্ৰত্যাহ্বানসমূহৰ সৈতে যুঁজিবলৈ সহায় কৰাৰ প্ৰতিশ্ৰুতিৰ প্ৰতি এক শ্ৰদ্ধা জ্ঞাপন।
১৯৯১ চনৰ পৰা গড্ৰেজে কৃষক পৰিয়ালসমূহক উন্নীত কৰিবলৈ সমগ্ৰ গ্ৰুপটোৰ মাজত সহযোগিতা আগবঢ়ায় এগ্ৰ’ভেটৰ দলটোৱে আমাৰ দেশখনক খাদ্য যোগান ধৰা কৃষকসকলক সহায় কৰাৰ ক্ষেত্ৰত আগবাঢ়ি আহিছে।