গড্ৰেজ এগ্ৰ’ভেট লিমিটেডে গাহৰিৰ স্বাস্থ্য, ৰোগ প্ৰতিৰোধ ক্ষমতা আৰু শীঘ্ৰে বৃদ্ধিৰ বাবে ডিজাইন কৰা বৈজ্ঞানিকভাৱে বিকশিত গাহৰিৰ খাদ্য প্ৰাইড হগৰ বিবিধ পৰিসৰ মুকলি কৰিছে। ষ্টাৰ্টাৰ, গ্ৰ’ৱাৰ আৰু ফিনিচাৰ ভেৰিয়েণ্টকে ধৰি এই ৰেঞ্জে গাহৰিৰ জীৱনচক্ৰৰ প্ৰতিটো পৰ্যায়তে নিৰ্দিষ্ট পুষ্টি প্ৰদান কৰে, যাৰ ফলত গাহৰি ফাৰ্মসমূহত উৎপাদনশীলতা উন্নত হোৱাটো নিশ্চিত হয়। প্ৰতিষ্ঠানটোৱে গুৱাহাটীত এই উপলক্ষে এক ঘূৰণীয়া মেজমেলৰ আয়োজন কৰে, য’ত উদ্যোগ বিশেষজ্ঞসকলক একত্ৰিত কৰি আফ্ৰিকান ছোৱাইন ফিভাৰ(এএছএফ)ৰ ক্ৰমবৰ্ধমান উদ্বেগক মোকাবিলা কৰাৰ লগতে গাহৰি পাম পৰিচালনাৰ সৰ্বোত্তম পদ্ধতিৰ বিষয়ে আলোচনা কৰা হয়। অসম পশুধন আৰু হাঁহ-কুকুৰা নিগম লিমিটেডৰ জেনেৰেল মেনেজাৰ ড° পূৰ্ণানন্দ কোঁৱৰ আৰু গড্ৰেজ এগ্ৰ’ভেটৰ পশু খাদ্য ব্যৱসায়ৰ মুখ্য কাৰ্যবাহী বিষয়া কেপ্তেইন (ড°) এ ৱাই ৰাজেন্দ্ৰই প্ৰতিৰোধমূলক ব্যৱস্থা আৰু আধুনিক সময়ৰ কৃষি পদ্ধতিৰ প্ৰয়োজনীয়তাৰ ওপৰত গুৰুত্ব আৰোপ কৰে।
গড্ৰেজ এগ্ৰ’ভেটৰ পৰিচালনা সঞ্চালক বলৰাম সিং যাদৱে উত্তৰ-পূৰ্বাঞ্চলত গাহৰি পালনৰ তাৎপৰ্যৰ ওপৰত আলোকপাত কৰি উল্লেখ কৰে যে, ভাৰতৰ গাহৰিৰ সংখ্যাৰ প্ৰায় আধা অংশই অঞ্চলটোত প্ৰতিনিধিত্ব কৰে। তেওঁ কয় যে, “প্ৰাইড হগ হৈছে এক গৱেষণা সমৰ্থিত খাদ্য সমাধান, যি কেৱল ৰোগ প্ৰতিৰোধ ক্ষমতা আৰু স্বাস্থ্য বৃদ্ধি কৰাই নহয়, লগত কৃষকৰ লাভৰ ক্ষেত্ৰতো অৰিহণা যোগায়।”
এই অনুষ্ঠানে অঞ্চলটোৰ ওপৰত এএছএফৰ প্ৰভাৱৰ ওপৰতো আলোকপাত কৰে, কিয়নো ২০২০ চনৰ পৰা স্থানীয় গাহৰি পালকসকলে প্ৰাদুৰ্ভাৱৰ সন্মুখীন হৈ আহিছে, যিসকলে গাহৰিৰ স্থিতিস্থাপকতা শক্তিশালী কৰাৰ বাবে উচ্চ মানদণ্ডৰ খাদ্যৰ ওপৰত সদায়ে গুৰুত্ব আৰোপ কৰি আহিছে। প্ৰাইড হগ ফিডে স্থানীয় গাহৰি পালকসকলক উপকৃত কৰিব বুলি আশা কৰা হৈছে, যিসকলৰ কৃষকে এএছএফ সম্পৰ্কীয় প্ৰত্যাহ্বান আৰু অপৰ্যাপ্ত পুষ্টিকৰ সমাধানৰ অন্বেষণ আৰু বাট বিচাৰি আছিল। উন্নত পশুধন সমাধানৰ বৰ্ধিত চাহিদা অসমৰ বজাৰত বৃদ্ধি পাইছে, যাৰ ফলত এই আৰম্ভণি অঞ্চলটোত গাহৰিৰ স্বাস্থ্য আৰু কৃষি উৎপাদনশীলতা দুয়োটা উন্নত কৰাৰ দিশত এক গুৰুত্বপূৰ্ণ পদক্ষেপ হিচাপে পৰিগণিত হৈছে।