ঘৰুৱা সঁজুলি শাখাত ভাৰতৰ আগশাৰীৰ খেলুৱৈ গোদ্ৰেজ এপ্লায়েন্সে অসমত ইয়াৰ উপস্থিতি শক্তিশালী কৰি আছে আৰু ইয়াৰ একচেটিয়া ব্ৰেণ্ড আউটলেটৰ নেটৱৰ্ক অধিক সম্প্ৰসাৰিত কৰি শিলচৰত এখন দোকান উদ্বোধন কৰিছে।
যোগান শৃংখলা শক্তিশালী কৰা আৰু শিলচৰ বজাৰত গ্ৰাহকসকলৰ বাবে পৰৱৰ্তী পৰ্যায়ৰ অভিজ্ঞতা সৃষ্টি কৰাৰ দিশত, গোদ্ৰেজ এপ্লায়েন্সে ইয়াৰ চেনেল অংশীদাৰ চাৰবাৰী (এ ইউনিট অফ চম এণ্ড কোম্পানী)ৰ সহযোগত ইয়াৰ একচেটিয়া ব্ৰেণ্ড আউটলেট মুকলি কৰিছে। ই.বি.ও. কৌশলগতভাৱে শিলচৰৰ ৰঙিৰখাৰীত অৱস্থিত। ব্ৰেণ্ডটোৰ বৰ্তমান সমগ্ৰ দেশত ১২০+ একচেটিয়া বিপনী আছে আৰু এই বিত্তীয় বৰ্ষৰ ভিতৰত ১৪০+ ইবিঅ’ থকাৰ লক্ষ্য ৰাখিছে।
ই.বি.ও.-য়ে ৰেফ্ৰিজেৰেটৰ, ৱাছিং মেচিন, এয়াৰ-কণ্ডিচনাৰ, ডিচৱাচাৰ, এয়াৰ কুলাৰ, গভীৰ ফ্ৰীজাৰ, মাইক্ৰ’ৱেভ অভেন, থাৰ্মোইলেক্ট্ৰিক প্ৰযুক্তি-চালিত গোদ্ৰেজ কুবে আৰু ইউভি-চি প্ৰযুক্তি-আধাৰিত গোদ্ৰেজ ভিৰোশ্বিল্ডকে ধৰি গোদ্ৰেজ সঁজুলিৰ সমগ্ৰ পৰিসৰ প্ৰদৰ্শন কৰিব। সেইয়া সব নহয়। ব্ৰেণ্ডটোৱে গোদ্ৰেজ ইবিঅ শিলচৰৰ পৰা নিৰ্বাচিত মডেল ক্ৰয়ৰ ওপৰত বিশেষ উদ্বোধনী নিশ্চিত উপহাৰ আনিছে। গ্ৰাহকসকলে নিৰ্বাচিত মডেলবোৰত এক বছৰৰ বিনামূলীয়া সম্প্ৰসাৰিত ৱাৰেণ্টি, প্ৰতিটো গোদ্ৰেজ এপ্লায়েন্সৰ ইবিঅ’ত এক বছৰৰ সামগ্ৰী বীমা প্ৰাপ্ত কৰিবলৈ সক্ষম হ’ব।