অসম আৰু উত্তৰ পূর্বাঞ্চলৰ ৰাইজলৈ ৩৯ বছৰৰ সহানুভূতিশীল সেজ সম্পূর্ণ হোবার উপলক্ষ্যে আজি জিএনআৰচি হাস্পতাল দিছপুৰ শাখাত ৪০তম প্রতিষ্ঠা দিবস পালন কৰা হয়। এই প্রতিষ্ঠা দিৱসত প্রতিষ্ঠানটোৰ যাত্রা, ইয়াৰ সৈতে জড়িত প্রতিগধারী কর্মচারী আক গুণগত স্বাস্থ্যসেবা আৰু দুখীনাজনিত সজাগতা ওপৰত বিশেষভারে আলোকপাত করা হয়। এই অনুষ্ঠানত মুখ্য অতিথি হিচাপে উপস্থিত থাকে অসম চৰকাৰৰ চিকিৎসা শিক্ষা আৰু গবেষণা বিভাগৰ আযুক্ত আৰু সচিব, ডা সিদ্ধার্থ সিংহ, সম্মানীয় অতিথি হিচাপে উপস্থিত থাকে স্বাস্থ্য সেৱাৰ সঞ্চালক ডাঃ উমেশ ফাংচো আৰু জনপ্রিয় চেনেল ডি বাই ৩৬৫ ৰ মুখ্য সম্পাদক শ্রী অদীপ কুমাৰ ফুকন। তেওঁলোকে স্বাস্থ্যসেবাত অত্যাধুনিক প্রযুক্তিৰ প্রয়োগ কৰি ৰাজ্যত তৃতীয় স্তৰৰ চিকিৎসা সেবা শক্তিশালীকৰণত জিএনআৰচি হাস্পতালে আগবঢোবা অনবদ্য ভূমিকাৰ বিষয়ে নিজস্ব দৃষ্টিভংগী দাঙি ধবে। প্রতিষ্ঠা দিৱসৰ কাৰ্যসূচীত জ্যেষ্ঠ চৰকাৰী বিষয়া, স্বাস্থ্যসেবা পেছাদাৰী, সংবাদ মাধ্যমৰ প্রতিনিধি আৰু কর্মচাৰীসকল একত্রিত হৈ ১৯৮৭ চনত আৰম্ভ হৈ আজি ৩৯ বছৰে অঞ্চলটোত ছুপাৰ-স্পেচিয়েলিটি স্বাস্থ্যসেৱাৰ বিকাশত গুৰুত্বপূর্ণ ভূমিকা পালন কৰি অহা যাত্ৰাৰ বিষয়ে স্মৰণ কৰা হয়। দুর্লভ আধুনিক চিকিৎসা সেবাসমূহ প্রবর্তন কৰি অহাৰ বাবেই জিএনআৰচি হাস্পতাল দিছপুৰ শাখাক অসম আৰু উত্তৰ-পূর্বাঞ্চলৰ প্রথম ছুপাৰ-স্পেচিয়েলিটি তৃতীয় স্তৰৰ চিকিৎসালয় হিচাপে স্বীকৃতি দিয়া হৈছে।
জিএনআৰচি হাস্পতাল দিছপুৰ শাখাৰ মুখ্য কার্যবাহী বিষয়া শ্রী কাথিক পেৰিয়াসামীয়ে উপস্থাপন করা ‘জিএনআৰচি হাস্পতাল দিছপুৰ ২০২৫ যাত্রা শীর্ষক ভিডিঅ টি আছিল আজিব প্রতিষ্ঠা দিৱসৰ এক গুৰুত্বপূর্ণ মুহূর্ত। এই সময়ছোৱাত জিএনআৰচি দিছপুৰ শাখাৰ মুখ্য কাৰ্যকৰী বিষয়া ড° সুব্রত দেৱ ভাগৱতী আৰু জিএনআৰচি গ্রুপ অব হাস্পতালৰ মুখ্য কাৰ্যবাহী বিষয়া ডা আশীষ মালাকাৰো উপস্থিত আছিল। ১৯৮৪ চনত জরাহাটাস্থিত মালিগারত এখন নিউব’সঙ্গী ক্লিনিকৰ শুভাৰম্ভ কৰা হৈছিল। ১৯৮৭চনৰ ১ জানুৱাৰী তাৰিষদ পৰা নিউৰলজী, নিউৰদ্বাজাৰী আৰু ৰেডিঅ’সঞ্জীৰ সৈতে অঞ্চলাটাত প্রথম চিটি দেন যন্ত্র স্থাপন কৰি ইয়াক উত্তৰ-পর্ব ভাৰতৰ প্রথম নিউৰ ছায়েন্স চেন্টাৰ হিচাপে প্রতিষ্ঠা কৰা হয়। সেই সময়ত জিএনআৰচি হাস্পতালে মগজু আৰু ৰাজহাড়ৰ অস্ত্রোপচাৰসহ স্নায়ুবিক সমস্যাৰ চিকিৎসাৰ সুবিধা থকা একমার স্বাস্থ্য প্রতিষ্ঠান আছিল। ১৯৯০ চনত উত্তৰ-পূর্বাঞ্চলৰ প্রথম আইডিইউ স্থাপন কৰা হয় আৰু ১৯৯৫ চনত প্রথম MRI সেৱা আৰম্ভ কৰা হয়।২০০০ চনৰ ভিতৰত এই সক একক বিশেষজ্ঞ নিউৰ’ছায়েন্স চেন্টাৰটো উত্তৰ-পূর্ব ভাৰতৰ প্রথম বহুবিশেষজ্ঞ চিকিৎসালয়লৈ উন্নীত হয়, য’ত অঞ্চলটোৰ প্রথম কেথলেব আৰু প্রথম ওপেন হার্ট হাজাৰীৰ ৰেকৰ্ড স্থাপন কৰা হয়।
প্রতিষ্ঠা দিৱস উদযাপনৰ সময়ছোৱাত ডিএনআৰচি দিছপুৰ শাখাৰ ইন্টাৰভেছনেল ৰেডিঅ’লজিস্ট ডাঃ ফিৰদৌছ আহমেদক “ৰোগীৰ যত্ন আৰু ক্লিনিকেল” ফলাফললৈ আগবঢ়োরা উল্লেখযোগ্য অবদানৰ স্বীকৃতি স্বরূপে “শ্রেষ্ঠ ৰোগীৰ ফলাফল বঁটা” প্রদান কৰা হয়। ডাঃ সৌৰভ কুমাৰ দাসক তেওঁৰ অস্ত্রোপচাৰৰ দক্ষতাৰ জৰিয়তে সর্বাধিক সংখ্যক ৰোগীক সেৱা আগবঢ়োৱাৰ বাবে সম্বর্ধনা আৰু বঁটা প্রদান কৰা হয়। প্রতিষ্ঠা দিৱসৰ অংশ হিচাপে আয়োজন কৰা বিভিন্ন আন্তঃপ্রতিষ্ঠানিক প্রতিযোগিতাৰ বিজয়ীসকলকো বঁটা প্ৰদান কৰি কৰ্মচাৰীসকলৰ অংশগ্রহণ আৰু বিভাগসমূহৰ মাজত দলগত কামৰ স্বীকৃতি প্রদান করা হয়। দিনটোৰ কাৰ্যসূচীত শৈক্ষিক গুরুত্ব সংযোজন কৰি জিএনআৰচি হাস্পতালে সন্ধিয়া জিএনআৰচি দুর্ঘটনা সজাগতা আৰু প্রতিবোধ মাহ (GNRC Trauma Awareness and Prevention Month) অংশ হিচাপে এখন অবিৰত চিকিৎসা শিক্ষা (Continuing Medical Educa-tion) অনুষ্ঠান আয়োজন কৰে, যিয়ে দুর্ঘটনা প্রতিৰোধৰ প্ৰস্তুতি আৰু জৰুৰী চিকিৎসা সেৱাৰ ওপৰত প্রতিষ্ঠানটোৰ গুৰুত্বক প্রদর্শন কৰে। এই দুর্ঘটনাকেন্দ্রিক চিএমই খনত দেশ-বিদেশৰ খ্যাতনামা বিশেষজ্ঞসকল অংশগ্রহণ কৰে, য’ত আছিল ছিংগাপুৰ জেনেৰেল হস্পিটেলৰ ডাঃ জয়ছ কো, থাইলেণ্ডৰ ৰয়েল কলেজ অব নিউৰ ছাৰ্জিকেল ছাৰ্জনছৰ ব’ৰ্ড ডিপ্লোমেট ডাঃ সোনাম জামছো আৰু ছাৰ্জাৰীৰ অধ্যাপক ডাঃ ৰকেট চন্দ্ৰ ব্রহ্ম আদি। এইচিএমই খনত অস্থিৰোগ, স্নায়ুশৈল্য আৰু জেনেৰেল ছাৰ্জাৰীৰ ক্ষেত্ৰত ট্রমা ব্যবস্থাপনাৰ সমসাময়িক প্রত্যাহ্বান আৰু উন্নয়নৰ বিষয়ে আলোচনা কৰা হয়।
জ্যেষ্ঠ নিউৰ ছাৰ্জন ডাঃ অমৃত কুমাৰ শইকীয়া, ডাঃ পৰান জ্যোতি বর্মন, অর্থ পেডিক্স বিভাগৰ ডাঃ গৌতম ৰাভা, জ্যেষ্ঠ জেনেৰেল ছার্জন ডাঃ নিপাংক গোস্বামী, লগতে এনাস্থেছিয়া আৰু ক্রিটিকেল কেয়াৰ বিভাগৰ ডাঃ দেবযানী গগৈ মজুমদাৰ, ডাঃ গৌৰী শংকৰ নৰহ আৰু ডাঃ ভাস্কৰ হাজৰিকাই এই উপলক্ষে সংবাদ মাধ্যমৰ সৈতে মতবিনিময় কৰে। চিকিৎসকসকলে জিএনআৰচিৰ দুর্ঘটনাজনিত যত্ন, জৰুৰী প্ৰস্তুতি আৰু জনসচেতনতা সম্পর্কীয় পদক্ষেপ সমূহৰ ওপৰত আলোকপাত কৰে আৰু দুর্ঘটনা সম্পর্কীয় মৃত্যুহাৰ আৰু দীর্ঘম্যাদী অক্ষমতা হ্রাস কৰিবলৈ আগতীয়াকৈ হস্তক্ষেপ, গঠিত ট্রমা প্রণালী আৰু অবিৰত চিকিৎসা শিক্ষাৰ গুৰুত্বৰ ওপৰত জোৰ দিয়ে।
