ঔষধ চুৰিৰ অভিযোগত আটক কৰা হৈছে গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হাস্পতালৰ মাল্টি স্পিচিয়েলিটি হাস্পাতালৰ ফাৰ্মাচিষ্টক।
মঙ্গলবাৰে ভঙাগড় আৰক্ষীয়ে আটক কৰে হাস্পতালখনৰ ফাৰ্মাচিষ্ট মৃদুল ডেকাক।
বৰ্তমান মৃদুল ডেকাক ভঙাগড় আৰক্ষী থানাত সোধা পোছা চলাই থকা হৈছে।
উল্লেখ্য যে, ফাৰ্মাচীৰ পৰা বিনামূলীয়া ঔষধ চুৰি কৰি বজাৰত বিক্ৰী কৰা বুলি অভিযোগ আছে মৃদুল ডেকাৰ বিৰুদ্ধে।
